ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতীয় সাংবাদিকলৈ আমেৰিকাৰ সৰ্বোচ্চ সাংবাদিকতাৰ বঁটা ৷ ৱাশ্বিংটন পষ্টৰ জ্যেষ্ঠ সাংবাদিক ৰাণা আয়ুবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বোচ্চ সাংবাদিকতা বঁটা John Aubuchon Press Freedom Award।ৰাণা আয়ুব হৈছে এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ৷
এই বঁটা লাভ কৰি ৰাণা আয়ুবে কয় যে ,‘‘ যি সময়ত তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ খবৰ লাভ কৰিছিল সেই সময়ত আত্মগোপন কৰি আছিলো। এটা গোচৰত ৰাণা আয়ুব আৰু তেওঁৰ সতীৰ্থ দুয়ো অভিযুক্ত আছিল। ৪ বছৰ পুৰণি এটা টুইটৰ বাবে জেললৈ নিক্ষেপ কৰা হৈছিল।’’