Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ব্ৰিটেইনৰ গৃহ সচিব পদত পুনৰ আন এগৰাকী ভাৰতীয় বংশোদ্ভৱ

ব্ৰিটেইনৰ গৃহ সচিব পদত পুনৰ আন এগৰাকী ভাৰতীয় বংশোদ্ভৱ

ডিজিটেল ডেস্ক ANEWS24X7: ব্ৰিটেইনৰ শীৰ্ষ পদত নিযুক্তি লাভ কৰিছে আন এগৰাকী ভাৰতীয় বংশোদ্ভৱ মহিলা ৷ ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা লিজ ট্ৰাছে ভাৰতীয় বংশোদ্ভৱ চুৱেলা ব্ৰেভাৰমেনক নিযুক্তি দিছে ব্ৰিটেইৰ নতুন গৃহ সচিব হিচাপে ৷

পূৰ্বৰ গৃহ সচিব প্ৰীতি পেটেলৰ স্থানত অধিষ্ঠিত কৰা হৈছে চুৱেলা ব্ৰেভাৰমেনক । কনজাৰ্ভেটিভ পাৰ্টিৰ সদস্য চুৱেলা ব্ৰেভাৰমেন দক্ষিণ-পূব ইংলেণ্ডৰ ফাৰেহামৰ পৰা ২০১৫ চনত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ।

ব্ৰেভাৰমেনে বৰিছ জনছন নেতৃত্বাধীন চৰকাৰত এটৰ্নি জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখ্য যে প্ৰীতি পেটেলো এগৰাকী ভাৰতীয় বংশোদ্ভৱ ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments