- ভাৰতীয় ৰে’লৱেৰ ডাঙৰ খবৰ। বৃদ্ধি পাব ৰে’লৰ টিকটৰ ভাড়া।
- ৰবিবাৰে ভাৰতীয় ৰে’লৱেই প্ৰকাশ কৰিলে ভাড়াৰ নতুন নিৰিখ।
- অৱশ্যে বৃদ্ধি নহয় লোকেল ট্ৰেইনৰ ভাড়া।
- অহা ২৬ ডিচেম্বৰৰ পৰা নতুন বৰ্ধিত নিৰিখ কাৰ্যকৰী হ’ব বুলি জানিবলৈ দিছে ভাৰতীয় ৰে’লে।
- ভাৰতীয় ৰে’লৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি, নতুন ভাড়াৰ নিৰিখত লোকেল আৰু মাহেকীয়া টিকটৰ দাম বৃদ্ধি কৰা হোৱা নাই।
- ২১৫ কিলোমিটাৰ পৰ্যন্ত দূৰত্বলৈ যিসকলে জেনেৰেল ডবাত ভ্ৰমণ কৰিব, তেওঁলোকৰ ক্ষেত্ৰতো কোনো ভাড়া বৃদ্ধি নহয়।
- ২১৫ কিলোমিটাৰৰ পিছত জেনেৰেল ডবাত প্ৰতি কিলোমিটাৰত ১ পইচাকৈ বৃদ্ধি পাব।
- মেইল আৰু এক্সপ্ৰেছ ট্ৰেইনত নন-এচি আৰু এচি ক্লাছত প্ৰতি কিলোমিটাৰত ২ পইচাকৈ ভাড়া বৃদ্ধি পাব।
- যিসকলে ৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বলৈ যাত্ৰা কৰিব, নন-এচিৰ ক্ষেত্ৰত ১০ টকাকৈ ভাড়া বৃদ্ধি পাব।
- ৰে’লৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি, এই সামান্য ভাড়া বৃদ্ধি কৰিলে ৰে’লৰ অতিৰিক্ত ৬০০ কোটি টকাৰ আয় হ’ব।
- ভাৰতীয় ৰে’লে এই বৰ্ধিত নতুন নিৰিখৰ বিষয়ে ৰাইজক অৱগত কৰিছে।
- বিগত এক দশকত ৰে’লৱেই নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিছে। ভাৰতীয় ৰে’লৰ পৰিসেৱা বৃদ্ধি পাইছে।
- কৰ্মচাৰীৰ সংখ্যাও বৃদ্ধি কৰা হৈছে।
- বৰ্তমান ৰে’ল কৰ্মচাৰীৰ বাবে খৰচ হয় ১ লাখ ১৫ হাজাৰ কোটি।
- পেঞ্চনৰ খৰচ ৬০ হাজাৰ কোটি।
- ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰে’লৱেৰ মুঠ ব্যয় ১ লাখ ৬৩ হাজাৰ কোটিলৈ বৃদ্ধি পাইছে।
