ডিজিটেল ডেস্ক, A NEWS 24×7 : অৰূপ দাসৰ ঘৰত এতিয়া হাহাকাৰ অৱস্থা। কান্দি–কাটি সময় পাৰ কৰিছে অৰূপৰ পিতৃ–মাতৃয়ে। বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিবলগীয়া পুত্ৰ এতিয়া জঘন্য অপৰাধৰ অভিযোগত আৰক্ষীৰ জিম্মাত।
নুনমাটিৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ অভিযুক্ত অৰূপ দাসৰ বুধবাৰে তথা কাইলৈ আছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ বাবে অৰূপৰ খানাপাৰাৰ বাসগৃহত ৰভা দিয়া হৈছিল। সকলো বজাৰ–সমাৰ কৰা হৈছিল অভ্যৰ্থনা অনুষ্ঠানৰ বাবে। পিতৃয়ে অৰ্ডাৰ কৰিছিল মাছ–মাংসও। কিন্তু বন্দনা জালৰ ভৰি দি এতিয়া আৰক্ষীৰ জালত অৰূপ দাস।
আনফালে, নিচাজাতীয় দ্ৰব্য খুৱাই অৰূপক ফচোৱাৰ অভিযোগ তুলিছে তেওঁৰ পৰিয়ালে। ধনটিৰ সৈতে অৰূপ ঘৰলৈ গৈ বন্দনাই নিজকে অনামিকা কলিতা বুলি দিছিল চিনাকি। ধনটিৰ সৈতে বিয়া ঠিক হৈ থকা বুলি কৈছিল বন্দনাই। বন্দনা কলেজৰ বান্ধৱী বুলি ধনটিয়ে পৰিচয় কৰাই দিছিল অৰূপৰ পৰিয়ালক।