ডিজিটেল ডেস্ক, ২৬মাৰ্চ:IPL মহাৰণ…টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত KKRৰ। ৰাজস্থান ৰয়লেছ VS কলকাতা নাইট ৰাইডাৰ্ছ। আজিৰ IPLৰ হাইভল্টেজ মেচত কোনে মাৰিব বিজয়ৰ হাঁহি? ৰিয়ান পৰাগৰ বেটিঙক লৈ কিমান আশাবাদী আপুনি?
অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত প্ৰথমবাৰলৈ গুৱাহাটীত যুঁজ দিব ৰাজস্থান ৰয়েলছে। আজি IPLৰ খেলৰ বাবে গুৱাহাটীত জাৰি কৰা হৈছে বিশেষ পথ নিৰ্দেশনা।
দুপৰীয়া ২ বজাৰ পৰা নিশা ১২ বজালৈ জি এছ ৰোড, বি কে কাকতি ৰোড, এ টি ৰোড, কাহিলীপাৰাত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল। ৱান ৱে’ কৰা হ’ব এ কে আজাদ ৰোড। এ কে আজাদ ৰোডৰ পৰা আহিব নোৱাৰিব বিৰুবাৰীলৈ। বিয়লি চাৰে ৪ বজাৰ পৰা লালগণেশৰ পৰা বৰ্ষাপাৰালৈ পাছ থকাহে বাহনে যাব পাৰিব।
বন্ধ থাকিব বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰালৈ যোৱা পথ। খেল শেষ হোৱাৰ পাছত দুয়োটা পথেৰে ওলাই যাব পাৰিব ষ্টেডিয়ামৰ পাৰ্কিঙত থকা বাহনসমূহ। ইফালে ৬খন গেটেৰে ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব দৰ্শকে। বিয়লি চাৰে চাৰি বজাত দৰ্শকৰ বাবে খুলি দিয়া হ’ব ষ্টেডিয়ামৰ প্ৰৱেশ দ্বাৰ।
ইপিনে ছিজনটোৰ প্ৰথমখন মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৰাজস্থান ৰয়লেছ পৰাস্ত হৈছে যদিও আজিৰ মেচক লৈ অধিক আত্মবিশ্বাসী অধিনায়ক ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছৰ হোমগ্ৰাউণ্ডত অসমসন্তান ৰিয়ানে বেটেৰে চমক দিব বুলি আশাবাদী অনুৰাগীৰ।আনহাতে ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ ৰোমাঞ্চকৰ মেচ চাবলৈ গুৱাহাটীত ভিৰ কৰিছে ভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীয়ে। বিয়লি চাৰে চাৰি বজাত দৰ্শকৰ বাবে খুলি দিয়া হ’ব ষ্টেডিয়ামৰ প্ৰৱেশ দ্বাৰ।
ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰ পূৰ্বে ACA ষ্টেডিয়ামত BCCIএ অনুষ্ঠিত কৰিব বিশেষ সাংস্কৃতিক অনুষ্ঠান।