ডিজিটেল ডেস্ক, ANEWS24X7: ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লা আলী খেমানীৰ একনায়কত্ববাদৰ বিৰুদ্ধে প্ৰতিবাদত নামিছিল ইৰাণৰ জনতা ৷ প্ৰতিবাদ দমনৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্মমভাৱে অভিযান চলাইছিল ইৰাণৰ আৰক্ষী আৰু সামৰিক বাহিনীয়ে ৷
এই ঘটনাকলৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ আয়োগে ৷ আয়োগৰ উচ্চায়ুক্ত ভালকাৰ তুৰ্কে কয় যে ,‘‘ইৰাণত যি চলি আছে সেয়া হৈছে এক সম্পূৰ্ণ মানৱ অধিকাৰ সংকট৷’’
উল্লেখ্য যে ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে হিজাব অবিহনে ইৰাণৰ ৰাজধানী তেহৰাণৰ ৰাজপথত ওলাই অহাৰ বাবে মাহশা আমিনী নামৰ এগৰাকী ২২ বছৰীয়া যুৱতিক গ্ৰেপ্তাৰ কৰিছিল ৷
আৰক্ষীৰ জিম্মাতে মাহশা আমিনীৰ ৰহস্যজনক ভাৱে মৃত্যু হৈছিল ৷ ইয়াৰ পিছতে ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লা আলী খেমানীৰ একনায়কত্ববাদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ইৰাণৰ জনতাই ৷