ডিজিটেল ডেস্ক, ANEWS24X7: ইৰাণত তীব্ৰ প্ৰতিবাদ । ইৰাণৰ নীতি আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এগৰাকী কিশোৰী মৃত্যু হোৱাৰ ঘটনাকলৈ এতিয়া উতপ্ত হৈ পৰিছে সমগ্ৰ ইৰাণ ।
শুক্ৰবাৰ দিনটোলৈকে ইৰাণৰ ৪০ খন চহৰলৈকে এই প্ৰতিবাদ বিয়পি পৰে । প্ৰতিবাদকাৰীক দমন কৰিবলৈ ইৰাণ চৰকাৰে ইন্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।
যোৱা এসপ্তাহ ধৰি হোৱা এই প্ৰতিবাদে ইৰাণত হিংসাত্মক ৰূপ ধাৰণ কৰিছে । বৰ্তমানলৈকে এই হিংসাত ৩৫ জন লোক নিহত হৈছে । ইৰাণ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইতিমধ্যে ইৰাণৰ সকলো সামজিক মাধ্যম চৰকাৰৰ নিয়ন্ত্ৰণলৈ অনা হৈছে ।