Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ,মৃত্যু হৈছে ৭৬ জন প্ৰতিবাদকাৰী

ইৰাণত চৰকাৰ বিৰোধী প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ,মৃত্যু হৈছে ৭৬ জন প্ৰতিবাদকাৰী

ডিজিটেল ডেস্ক, ANEWS24X7:ইৰাণ আৰক্ষীৰ জিম্মাত মাছা আমিনৰ নামৰ এগৰাকী যুৱতীৰ মৃত্যুক কেন্দ্ৰকৰি হোৱা প্ৰতিবাদ বৰ্তমানেও অব্যাহত আছে৷এই প্ৰতিবাদৰ ফলত বৰ্তমানলৈকে ৭৬ জন লোক নিহত হৈছে৷সোমবাৰে অছলোস্থিত মানৱ অধিকাৰ সংগঠন ইৰাণ হিউমেন ৰাইটছ চমুকৈ আইএইচআৰে প্ৰকাশ কৰিছে তথ্য৷

অৱশ্যে ইৰাণ কৰ্তৃপক্ষই বৰ্তমানলৈকে ৪১ জন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে৷ইয়াৰ ভিতৰত কেইবাগৰাকী নিৰাপত্তা বাহিনীৰ সদস্য আছে৷ ইৰাণ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈকে প্ৰশাসনে এই প্ৰতিবাদ সন্দৰ্ভত ১,২০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে ৷

উল্লেখ্য যে ১৩ ছেপ্টেম্বৰত ইৰাণ আৰক্ষীৰ জিম্মাত মাছা আমিন নামৰ এগাৰাকী যুৱতীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি ইৰাণত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হয় ৷ এই প্ৰতিবাদে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ প্ৰতিবাদকাৰী সকলে ৰাজধানী তেহৰাণকে ধৰি দেশখনৰ বিভিন্ন প্ৰান্তৰ ৰাজপথ প্ৰতিদিনে প্ৰতিবাদ সাৱস্ত কৰিছে ৷ তেহৰাণৰ প্ৰতিবাদকাৰীসকলে ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনিৰ পতনৰ দাবীত শ্ল’গান দিয়ে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments