Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়মুছলমানৰ চাৰি বিবাহ বৈধ হয়নে ? 

মুছলমানৰ চাৰি বিবাহ বৈধ হয়নে ? 

নিউজ ডেস্ক, ANEWS24X7: মুছলমান পুৰুষৰ বহুবিবাহ আৰু নিকাহ হালালা প্ৰথাৰ সাবিধানিক বৈধতা পুনৰ পৰীক্ষা কৰা হ’ব ৷ ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰিব পাঁচ জনীয়া সাংবিধান বিচাৰপীঠ ৷

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ হিমা কোহলী আৰু জে বি পাৰ্ডিৱালাৰ বিচাৰপীঠে এক ৰাজহুৱা স্বাৰ্থৰ গোচৰৰ প্ৰতিক্ৰিয়াস্বৰূপে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে , ২০১৮ চনত উচ্চতম ন্যায়ালয়ত মুছলমান পুৰুষৰ বহু বিবাহৰ বৈধতা আৰু নিকাহ হালাল প্ৰথাক প্ৰত্যহ্বান জনাই এক আবেদন কৰা হৈছিল ৷ আৱেদনখনে এজন মুছলমান পুৰুষৰ একে সময়তে চাৰিগৰাকী পত্নী থকাৰ অধিকাৰৰ বৈধ্যতাক প্ৰত্যাহ্বান জনাইছিল ৷ এই গোচৰৰ শুনানীৰ বাবে উচ্চতম ন্যায়ালয়ে পাঁচ জনীয়া সাংবিধান বিচাৰপীঠ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments