ডিজিটেল ডেস্ক, A NEWS 24×7: অসমীয়া সমাজ জীৱনৰ আয়ুসৰেখা হৈছে আদৰৰ গামোচাখন। প্ৰতিজন অসমীয়াৰ বাবে সন্মান, স্বাভিমান আৰু স্বকীয়তাৰ প্ৰতীক স্বৰূপ এই গামোচাখন।
চৰকাৰে পাৱাৰলুমৰ গামোচা জব্দ নকৰিলে নিজেই ব্যবস্থা ল’ব বীৰ লাচিত সেনাই ৷ কিন্তু স্ব-মহিমাৰে মহীয়ান অসমীয়া জাতি আৰু গামোচা আজি অস্তিত্বৰ সংকটত। বহু অসাধু ব্যবসায়ীয়ে এতিয়াও গুদামত বৃহৎ পৰিমাণত পাৱাৰলুমৰ গামোচা মজুত ৰখাৰ অভিযোগ বীৰ লাচিত সেনা সংগঠনটোৰ নেতৃত্বৰ।
পাৱাৰলুমৰ গামোচা যদিও জব্দ কৰা হৈছে তথাপি ইয়াক পৰীক্ষা কৰিবলৈ পৰীক্ষাগাৰ নাই অসমত। অৰ্থাৎ এখন গামোচা থলুৱা শিপিনীয়ে বোৱা নে পাৱাৰলুমত উৎপাদন হোৱা তাক পৰীক্ষা কৰিবলৈ ব্যৱস্থা নাই অসমত।
GI tag লাভ কৰা অসমীয়া গামোচাৰ স্বকীয়তা পৰীক্ষা হয় কলকাতাত । চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা নল’লে বীৰ লাচিত সেনাই নিজেই ব্যৱস্থা ল’ব। চৰকাৰে ব্যৱস্থা নল’লে লাচিত সেনাৰ প্ৰতিজন সৈনিকে পাৱাৰলুমৰ গামোচা জব্দ কৰি ৰাজপথত জ্বলাই দিবলৈ বাধ্য হ’ম বুলি মন্তব্য শৃংখল চলিহাৰ।