ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই.এছ.আই এজেন্ট ৷ মঙলবাৰে গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন আই.এছ.আই এজেন্টক ৷
গুজৰাট আৰক্ষীয়ে চুৰাটৰ পৰা দীপক কিশোৰ ভাই ছালুনখে নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ৷পুনেস্থিত দক্ষিণ সেনাবাহিনীৰ কমাণ্ডৰ পৰা সামৰিক চোৰাংচোৱাই প্ৰদান কৰা তথ্যৰ আধাৰত অনুসন্ধান চলাই চুৰাটৰ পৰা ক্ৰাইম ব্ৰাঞ্চৰ চোৰাংচোৱা দলে গ্ৰেপ্তাৰ কৰে দীপক কিশোৰ ভাই ছালুনখে নামৰ যুৱকজনক।
ধৃত আই.এছ.আই এজেণ্টগৰাকীক অধিক তদন্তৰ বাবে গুজৰাট আৰক্ষীৰ বিশেষ অভিযান গোটে জিম্মাত লৈছে । ছালুনখেই হামিদ আৰু কাছিফ নামৰ পাকিস্তানস্থিত দুগৰাকী এজেণ্টৰ সৈতে যোগাযোগ কৰিছিল দীপকে ৷