Thursday, November 7, 2024
Homeৰাষ্ট্ৰীয়ভাৰত ৰক্তাক্ত কৰাৰ পৰিকল্পনা ISIৰ, জব্দ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

ভাৰত ৰক্তাক্ত কৰাৰ পৰিকল্পনা ISIৰ, জব্দ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

ডিজিটেল ডেস্ক, ANEWS24X7: পঞ্জাৱৰ জেলৰ পৰা ৰচা হৈছিল ভাৰতত ৰক্তাক্ত কৰাৰ পৰিকল্পনা ৷ ভাৰতৰ জেলত বহি ISIৰ সৈতে মিলি কৰা হৈছিল পৰিকল্পনা ৷ জেলৰ পৰা ISIৰ সৈতে যোগাযোগ স্থাপন কৰিছিল ড্ৰাগছ মাফিয়া যশকৰণ সিঙে ৷

জেলৰ ভিতৰৰ পৰা এটা মোবাইল যোগে হোৱাটছ এপৰ জৰিয়তে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ সৈতে যোগাযোগ স্থাপন কৰিছিল যশকৰণ সিঙে ৷ শনিবাৰে পঞ্জাৱ কাউন্টাৰ ইন্টেলিজেঞ্চে পঞ্জাৱৰ গইণ্ডবাল জেলৰ পৰা গ্ৰেপ্তাৰ কৰে ধৃত ড্ৰাগছ মাফিয়া যশকৰণ সিঙক

পঞ্জাৱ আৰক্ষীয়ে জব্দ কৰিছে যশকৰণৰ মবাইল ফোনটো ৷ যশকৰণে পাকিস্তানৰ আইএছআই সদস্য সকলৰ সৈতে জেলৰ ভিতৰৰ পৰা অতি গোপনে ফোনযোগে ভাৰতত ধ্বংসযজ্ঞ চলোৱাৰ পৰিকল্পনা কৰিছিল ৷ পঞ্জাৱ আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে ,‘‘ যশকৰণ সিঙৰ হোৱাটছ এপ ফোন কলৰ পৰা স্পষ্ট হৈছে যে ড্ৰোনৰ জৰিয়তে ৪-৫ কেজি ওজনৰ বিস্ফোৰক সমগ্ৰী ভাৰতলৈ পঠিওৱা হৈছে ৷ ইয়াৰ বাবে পাকিস্তানলৈ চীনত নিৰ্মিত ড্ৰোণ ৰপ্তানি কৰা হৈছিল ৷’’

এই তথ্য লাভ কৰাৰ পিছতে যোৱা ২৪ ঘন্টাত পঞ্জাৱ আৰক্ষীয়ে ড্ৰোনৰ জৰিয়তে ভাৰতলৈ অনা বিস্ফোৰক সামগ্ৰী সহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

কাউন্টাৰ ইন্টেলিজেঞ্চ অমৃতসৰৰ এআইজি অমৰজিত সিং বাজৱাই কয় যে- ‘‘যশকৰণক সোধ-পোছ কৰাত মানি লৈছে যে আশ্বিফ নামৰ এজন পাকিস্তানী অপৰাধীৰ সৈতে তেওঁ যোগাযোগ কৰি আহিছিল আৰু ড্ৰোণৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ নিচাজাতীয় আৰু বিস্ফোৰক সামগ্ৰী পঠিওৱাত ৰতনবীৰ নামৰ এজন সৰ্বৰাহকাৰীয়ে সহায় কৰি আহিছিল।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments