Wednesday, July 9, 2025
Homeআন্তঃৰাষ্ট্ৰীয়ইজৰাইল হিজবুল্লাহ সংঘাত

ইজৰাইল হিজবুল্লাহ সংঘাত

ডিজিটেল ডেস্ক, ১অক্টোবৰ:মঙলবাৰে পুৱাই ইজৰাইল সেনাই দক্ষিণ লেবাননত ইৰাণ সমৰ্থিত হিজবুল্লাহ উগ্ৰপন্থী গোটৰ বিৰুদ্ধে “সীমিত” আৰু “লক্ষ্য” স্থল আক্ৰমণ আৰম্ভ কৰে। এক্সৰ ওপৰত এটা পোষ্টত ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে কয় যে, “আইডিএফে হিজবুল্লাহৰ সন্ত্ৰাসবাদী লক্ষ্যৰ বিৰুদ্ধে নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত সীমিত, স্থানীয় আৰু লক্ষ্য কৰি স্থল আক্ৰমণ আৰম্ভ কৰিছিল।” ইজৰাইলী বাহিনীয়ে কয় যে এই লক্ষ্যসমূহ সীমান্তৰ ওচৰৰ গাঁওসমূহত অৱস্থিত, আৰু “উত্তৰ ইজৰাইলৰ ইজৰাইলী সম্প্ৰদায়সমূহৰ বাবে তাৎক্ষণিক ভাবুকি কঢ়িয়াই আনিছে।” এই স্থল আগ্ৰাসনে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলত পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ আক্ৰমণৰ পৰা আৰম্ভ হোৱা পশ্চিম এছিয়াৰ সংঘাতৰ তীব্ৰতা বৃদ্ধিৰ সূচনা কৰিছে।

পেজাৰ আক্ৰমণ, দুসপ্তাহৰ বিমান আক্ৰমণ আৰু যোৱা সপ্তাহত হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাহক হত্যা কৰাৰ পিছত ইজৰাইলৰ স্থল আক্ৰমণ। লেবানন চৰকাৰে জনোৱা মতে, তীব্ৰ বিমান আক্ৰমণৰ ফলত হিজবুল্লাহৰ বহু কমাণ্ডাৰ নিৰ্মূল হোৱাৰ বিপৰীতে প্ৰায় ১০০০ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে ১০ লাখ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিবলগীয়া হৈছে। যোৱা ২৪ ঘণ্টাত লেবাননৰ দক্ষিণ অঞ্চল, পূব বেকা উপত্যকা আৰু বেইৰুটত ইজৰাইলে আক্ৰমণ চলাই কমেও ৯৫ জন লোক নিহত হোৱাৰ লগতে ১৭২ জন আহত হৈছে, লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতিৰে মঙলবাৰে পুৱা ৰয়টাৰে প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুক ডায়েল: সমগ্ৰ পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে কথা পাতি অঞ্চলটোত অধিক উত্তেজনা ৰোধ কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ‘আমাৰ পৃথিৱীত সন্ত্ৰাসবাদৰ কোনো স্থান নাই। আঞ্চলিক তীব্ৰতা বৃদ্ধি ৰোধ কৰা আৰু সকলো পণবন্দীক নিৰাপদে মুক্তি নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ।’-এক্সৰ ওপৰত এটা পোষ্টত মোদীয়ে এইদৰে কয়

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments