ডিজিটেল ডেস্ক,১০ অক্টোবৰ: ৰাষ্ট্ৰসংঘই কয় যে গাজাত প্ৰায় ২ লাখ লোক স্থানচ্যুত, পানীৰ অভাৱত আৰ্তনাদ সৰ্বসাধাৰণ ৰাইজ ।ইজৰাইল গাজা ষ্ট্ৰিপত ইজৰাইলৰ বিমান আক্ৰমণ অব্যাহত থাকিলে পণবন্দীক হত্যা কৰাৰ ভাবুকি প্ৰদান হামাছৰ ।
ৰাষ্ট্ৰসংঘই আজি কয় যে ইজৰাইল আৰু হামাছ গোটৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা গাজাত প্ৰায় ২,০০,০০০ লোকে নিজৰ ঘৰ-বাৰী এৰি থৈ গৈছে, আৰু পানী আৰু বিদ্যুতৰ নাটনিৰ বাবে সাজু হৈছে অন্য স্থানলৈ স্থানান্তৰৰ বাবে ।ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ৰ মুখপাত্ৰ জেন্স লাৰ্কে জেনেভাৰ এক ব্রিফিঙত কয় যে, “গাজা ষ্ট্ৰিপত স্থানচ্যুতিৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে, শনিবাৰৰ পৰা ১,৮৭,৫০০ৰো অধিক লোকৰ সংখ্যাৰ কাষ চাপিছে ।
বেছিভাগেই বিদ্যালয়ত আশ্ৰয় লৈছে ।সংঘৰ্ষৰ পৰা ব্যাহত থকাৰ বাবে আশা কৰা কৰিছে ৰাষ্ট্ৰসংঘই ।ইজৰাইলে আজি গাজাত হামাছৰ লক্ষ্যত আঘাত অব্যাহত ৰাখিছে আৰু কয় যে পেলেষ্টাইন এনক্লেভৰ ওচৰত সেনাই পুনৰ দখল কৰা দক্ষিণৰ চহৰসমূহত ১৫০০ সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে।ইজৰাইলত মৃত্যুৰ সংখ্যা ৯০০ৰ ওপৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে গাজাৰ বিষয়াসকলে এই পৰ্যন্ত ৬৮৭ জন লোকৰ মৃত্যু হোৱাৰ খবৰ নিচ্ছিত কৰে ।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হামাছৰ নিয়ন্ত্ৰিত অঞ্চলসমূহক “ধ্বংসাৱশেষ”লৈ ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছে, যাৰ ফলত সম্ভাৱ্য “মানৱীয় আইন” উলংঘাৰ বাবে ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰিছে ।ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষই বৰ্তমানে বিশ্বৰ দেশসমূহৰ মাজত চলাইছে বিশেষ কোচকাৱাছ ।সম্পত্তি কোন দেশে কাৰ পক্ষ লব ইতিমধ্যে স্থিতি নিৰ্ধাৰণ কৰি সংঘৰ্ষ আৰু অধিক জটিল কৰা দেখিবলৈ পোৱা গৈছে ।