Thursday, November 7, 2024
Homeবিজ্ঞানইতিহাস ৰচিলে ইছৰ’ৱে , উৎক্ষেপণ কৰিলে ৩৬ টা উপগ্ৰহ

ইতিহাস ৰচিলে ইছৰ’ৱে , উৎক্ষেপণ কৰিলে ৩৬ টা উপগ্ৰহ

 

ডিজিটেল ডেস্ক, ANEWS24X7: ইছৰ’ৰ আন এক সফলতা ৷ মহাকাশ গৱেষণাত ইতিহাস ৰচিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৱে ৷

দেওবাৰে নিশা ১২.০৭ বজাত ইছৰ’ৱে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ৩৬ টা উপগ্ৰহৰ সৈতে ইছৰ’ৰ ৰকেট মাৰ্ক-৩ মহাকাশলৈ উৎক্ষেপণ কৰা হয় ৷ইয়াৰ পূৰ্বে ইছৰ’ৱে ইমান গধুৰ উপগ্ৰহ উৎক্ষেপণ কৰা নাছিল ৷

ভাৰতে নতুন ইতিহাস ৰচি ৫,৭৯৬ কিলোগ্ৰামৰ পে-লোড সফল উৎক্ষেপন কৰে মহাকাশ গৱেষণাত এক নতুন ইতিহাস সৃষ্টি কৰিছে ৷জিঅ’চিংক্ৰোনাছ লঞ্চ ভেহিকেলৰ নতুন সংস্কৰণ মাৰ্ক-৩ৰ দ্বাৰা উৎক্ষেপণ কৰা হয় এই উপগ্ৰহ কেইটা ৷

এলভিএম-৩ৰ এইটো প্ৰথম বাণিজ্যিক উৎক্ষেপণ। এই অভিযানটো ৱানৱেব আৰু নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ মাজত হোৱা চুক্তিৰ অধীনত আৰম্ভ কৰা হৈছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments