ডিজিটেল ডেস্ক, ANEWS24X7: ২০২৩ বৰ্ষৰ জুন মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৱে আৰম্ভ কৰিব ‘‘চন্দ্ৰযান-৩’’ অভিযান ৷
‘‘চন্দ্ৰযান-৩’’ৰ বাবে প্ৰস্তুতি সম্পন্ন কৰিছে ইছৰোৱে ৷ চূড়ান্ত একত্ৰীকৰণ আৰু পৰীক্ষা প্ৰায় সম্পূৰ্ণ হৈছে ৷ এই কথা সদৰী কৰে ইছৰ’ৰ মুৰব্বী ড০ এছ সোমনাথে
ইছৰোৰ মুৰব্বী ড০ এছ সোমনাথে কয় যে , ‘‘চন্দ্ৰযান-৩’’ প্ৰায় সাজু হৈছে ৷ তথাপিও আৰু কিছুমান পৰীক্ষা বাকী আছে ৷ আমি অলপ সময় লব বিছাৰিছো ৷
ফেব্ৰুৱাৰী মাহত দুটা স্লট উপলব্ধ আছে আৰু জুন মাহত এটা স্লট আছে ৷ আমি জুন মাহৰ স্লটটো উৎক্ষেপনৰ বাবে ল’ব বিচাৰিছো ৷’’