নৱ সমাজৰ পৰা হেৰাই যাব ধৰা এবিধ আপুৰুগীয়া সম্পদ । গ্ৰাম্য জীৱনৰ আহিলা স্বৰূপ এই সামগ্ৰী বিধ বৰ্তমান সমাজ জীৱনৰ পৰা নাইকিয়া হোৱাৰ দৰে হৈ পৰিছে যদিও গ্ৰাম্যঞ্চলত ভিতৰুৱা অঞ্চল সমুহত কৰবাত কম পৰিমাণে হ’লেও দেখিবলৈ পোৱা যাই । সামগ্ৰী বিধ হৈছে গ্ৰাম্যঞ্চলত ব্যৱহৃত গৰুগাড়ী।
অসমৰ কিছু কিছু ঠাইত খেতিয়ক সকলে ব্যৱহাৰ কৰে গৰুগাড়ী । দুটা কাঠৰ চকাযুক্ত এখন গাড়ী যাক এহাল বলধ গৰুৱে টানি লৈ যায় । পথাৰৰ ধান ঘৰলৈ কঢ়িওৱা কামত ব্যৱহাৰ হয় গৰুগাড়ী । গৰুগাড়ী খনৰ আগফালে নাঙলত ব্যৱহাৰ কৰাৰ দৰেই এখন যুঁৱলি থাকে। এই যুঁৱলি খনতেই হালৰ দৰেই দুফালে দুটা বলধ গৰু লগাই গৰুগাড়ী খন চলোৱা হয়।
গৰুগাড়ী খনৰ দুয়োকাষে কাঠেৰে নিৰ্মিত দুটা চকা থাকে। দুয়োটা চকাতেই এচটা ফাল লগোৱা থাকে চকোবোৰ চলিলে কাঠবোৰ সোনকালে নষ্ট নহ’বৰ বাবে। আৰু এই গৰুগাড়ী খনৰ মাজৰ অংশ খিনিক ঢোল বুলি কোৱা হয় । চকা দুটা এটা বৃত্তৰ দৰে আৰু ওখ ওখ । দুয়োটা চকা এডাল লোহাৰ ধুৰাৰ সৈতে সংযোগ হৈ থাকে । ধুৰাডালৰ দুয়োটা মূৰত চকা কেইটা ভালদৰে ঘূৰিব পৰাকৈ মৰাপাট মেৰিয়াই তেল সানি দিয়া হয় ।
এই খিনিতে আপোনালোকলৈ এটা প্ৰশ্ন গৰুগাড়ী চলোৱা চালক জনক কি বুলি কয় ?
এটা সময়ত গ্ৰামাঞ্চলত গৰুগাড়ী দৈনন্দিন জীৱন আৰু বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ দিশ বুলি কলেও হয়তো ভূল নহয়। পৰম্পৰাগত কাৰ্যত গৰুগাড়ী অবিহনে কিছু কিছু কাৰ্য আধৰুৱা । গৰুগাড়ীৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰা প্ৰধান চহৰ সমূহলৈ উৎপাদিত সামগ্ৰী সমুহ নিবলৈ বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল ।
মটৰগাড়ী প্ৰৱৰ্তন হোৱাৰ আগতে গাঁও সমুহত গৰুগাড়ীৰ ব্যাপক প্ৰচলন আছিল । যাত্ৰীবাহী গৰুগাড়ীও বহুলভাৱে প্ৰচলন আছিল।