ডিজিটেল ডেস্ক, ANEWS24X7: বিজেপি আজীৱন শাসনত থাকিব আৰু কংগ্ৰেছে চিৰদিনৰ বাবে দেশ ত্যাগ কৰিব, এই ধাৰণাক হাস্যকৰ বুলি নস্যাৎ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। সোমবাৰে সন্ধিয়া লণ্ডনত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি কংগ্ৰেছ সাংসদজনে এই মন্তব্য কৰে। ৰাহুল গান্ধীয়ে কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (ইউপিএ) মিত্ৰজোঁটৰ বিফলতাৰ বিষয়েও কয়। ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তিৰ পাছত কংগ্ৰেছ নেতাজন বৰ্তমান ইউৰোপৰ ইউনাইটেড কিংডম ভ্ৰমণলৈ গৈছে৷ তেওঁ ভ্ৰমণৰ সময়ত সোমবাৰে অনুষ্ঠানটোত উপস্থিত আছিল।
“বিজেপি ১০ বছৰ শাসনত থকাৰ আগতে কংগ্ৰেছ ১০ বছৰ শাসনত আছিল। বিজেপিয়ে বিশ্বাস কৰিবলৈ ভাল পায় যে ই অনন্তকাল শাসনত থাকিব। এনেধৰণে ভবাটো ভুল। আৰু যিসকলে ভাবে যে কংগ্ৰেছৰ সময় শেষ হৈছে, মই তেওঁলোকক ক’ম যে আপোনাৰ ধাৰণা হাস্যকৰ। ”
“স্বাধীনতাৰ পৰা বৰ্তমানলৈকে কংগ্ৰেছ বেছিভাগ সময় শাসনত আছিল। ” ৰাহুলে লগতে কয় যে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ মিত্ৰজোঁটে ভাৰতীয় ৰাজনীতিৰ পৰিৱৰ্তনশীল প্ৰকৃতিৰ প্ৰতি মনোযোগ দিব নোৱাৰে। সেইকাৰণে এই মিত্ৰতা সফল হ’ব পৰা নাই।
“ইউপিএ মিত্ৰজোঁটে গাওঁসমূহৰ প্ৰতি অধিক মনোযোগ দিছিল যদিও চহৰসমূহৰ প্ৰতি বিশেষ মনোযোগ দিয়া নাছিল, এইটো সঁচা। আৰু সেইকাৰণে ৰাইজে এই মিত্ৰতা গ্ৰহণ কৰা নাছিল। ” – শ্ৰী গান্ধীয়ে মন্তব্য কৰে৷
ইপিনে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাহুল গান্ধীৰ মন্তব্যৰ পাছতেই তীব্ৰ সমালোচনা কৰিছে৷ ভাৰতক বিদেশৰ মাটিত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰাকীয়ে অপমানিত কৰাৰ অভিযোগ আনিছে বিজেপি নেতৃত্বই৷ ৰাহুল গান্ধীয়ে ব্ৰিটেইন ভ্ৰমণৰ সময়ত চীনৰ প্ৰশংসা কৰাৰ গুৰুতৰ অভিযোগো উত্থাপন কৰিলে ভাজপা নেতৃত্বই৷ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে সোমবাৰে ৰাহুল গান্ধীক তেওঁৰ মন্তব্যৰ বাবে “বিশ্বাসঘাতক” বুলি অভিহিত কৰিছিল।