Saturday, May 3, 2025
Homeঅসম'পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈ বা আন কোনোবা ফেক্টৰ নহয় বুলি কোৱাটো অহংকাৰ...

‘পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈ বা আন কোনোবা ফেক্টৰ নহয় বুলি কোৱাটো অহংকাৰ কৰা হ’ব’

*শিৱসাগৰত পঞ্চায়ত নিৰ্বাচনৰ যুঁজখন ঠাই বিশেষে বেলেগ হব যদিও মূল যুঁজখন বি জে পি আৰু ৰাইজৰ দলৰ মাজতেই হব ।

*আমি প্ৰচাৰ চলাইছো ৰাইজে বি জে পি দলৰ প্ৰাৰ্থীসকলক আদৰি লব বুলি আমি আশাবাদী ।

*বিপ্লৱ শৰ্মা আয়োগৰ উদ্ধৃতিৰে কংগ্ৰেছৰ দিনত চাকৰি লাভৰ বাবে মহিলাই নিজৰ সতীত্ব হেৰুৱাব লগা হোৱা বুলি কৰা মন্তব্যৰ বিৰুদ্ধে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থানাই থানাই নতুবা ন্যায়ালয়ত গোচৰ দিব লাগে কৰা মন্তব্যৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অখিল গগৈৰ কোনো স্থিতিয়েই নাই । মুখ্যমন্ত্ৰীয়ে এখন আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিহে দিছে তাকো অখিল গগৈয়ে বুজি পোৱা নাই । অখিল গগৈ ছিৰিয়াছকৈ লোৱা ব্যক্তি নহয় ।তেওঁ আগদিনা কথা কৈ পাছদিনা ক্ষমা খোজে।বিধানসভাত তেওঁ সদায় হাঁহিয়তাৰ পাত্ৰ হিচাপেই পৰিচিত ।

*পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈ বা আন কোনোবা ফেক্টৰ নহয় বুলি কোৱাটো অহংকাৰ কৰা হব । লোকসভা নিৰ্বাচনত এটা ঢৌত তেওঁ বিজয়ী হল । এতিয়া ৰাইজে বুজি পাইছে । সাংসদ হিচাপে ৰাইজে আমাৰ মুখখনকেই দেখিছে কিন্তু গৌৰৱ গগৈ ৰাইজৰ পৰা বহু দূৰত ।*প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত শিৱসাগৰৰ ঐতিহাসিক তলাতলঘৰ বাকৰিৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।

*আনহাতে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে যোগাযোগ সন্দৰ্ভতো মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ।

*গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে যোগাযোগ ভগৱানে কৰাত মিছা হওঁক । অসমৰ এজন সুযোগ্য মুখ্যমন্ত্ৰীৰ তেওঁ পুত্ৰ ,সুবক্তা ,এজন যোগ্য ব্যক্তি । তেওঁ পাকিস্তানলৈ গৈছিলো বা নাইযোৱা কৈ দিলেই হল । কিন্তু কিয় তেওঁ নীৰৱ নাজানো ।*বিশ্বত ইমানকেইখন দেশ আছে গৌৰৱ গগৈয়ে কেৱল পাকিস্তানহে ভ্ৰমন কৰিব লাগেনে?

*গৌৰৱ গগৈৰ কথাবোৰ মিছা হওঁক কিন্তু মুখ্যমন্ত্ৰীয়ে যি কয় তথ্য সহকাৰে কয় । গতিকে সময়ত সকলো পোহৰলৈ আহিব ।

*পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে পবিত্ৰ মাৰ্ঘেৰিটাৰ গৌৰৱ গগৈ সন্দৰ্ভত এই মন্তব্য ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments