Wednesday, July 9, 2025
Homeঅসম“আছা“ ৰ ক’লা দিৱস, ৰাজ্যজুৰি পালন কৰাৰ সিদ্ধান্ত

“আছা“ ৰ ক’লা দিৱস, ৰাজ্যজুৰি পালন কৰাৰ সিদ্ধান্ত

বৃহস্পতিবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই ৰাজ্যজুৰি জিলা আঞ্চলিক পয্যায়ত কলা দিৱস পালন কৰিব ৷ ১৯৯৬ চনত ১৫ মেৰ পৰা আৰম্ভ নামনি অসমত গোষ্ঠীগত সংঘৰ্ষত প্ৰায় আঠ হাজাৰ আৱাল বনিতা বৃদ্ধ মৃত্যু হৈছিল আৰু বহু আদিবাসী লোক নিজৰ আত্মীয় স্বজন পৰিয়ালৰ লগতে নিজৰ মাটি ভেটি বাসস্থান হেৰৱাব লগীয়া হৈছিল সেই দিন ধৰি “আছা“ প্ৰতিবছৰে ১৫ মে দিনটো ক’লা দিৱস অৰ্থাৎ ব্লেক’ ডে হিচাপে পালন কৰি আহিছে ৷

গোষ্ঠী সংঘৰ্ষৰ পিছতে ১৯৯৬ চনৰ ২ জুলাইত প্ৰয়াত জাষ্টিন লাক্ৰাৰ নেতৃত্বত লক্ষীমপুৰ জুনুবস্থী আদিবাসী হাইস্কুল প্ৰাঙ্গণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) প্ৰতিষ্ঠা লাভ কৰা সংগঠনটো দীৰ্ঘদিন ধৰি আদিবাসী সকলৰ জনজাতি কৰণকে ধৰি বিভিন্ন সমস্যা সমূহ সমাধানৰ বাবে বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিছে যদিও সমস্যা সমূহ সমাধান বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ নকৰাটো দূৰ্ভাগ্যজনক ৷

১৯৯৬ চনত গোষ্ঠীগত সংঘৰ্ষ নিহত হোৱা সকলৰ পৰিয়ালে বা আজীৱন পঙ্গু হোৱা পৰিয়াল বৰ্গই আজিকোপতি ন্যায় নাপালে বা চৰকাৰেও পদক্ষেপ গ্ৰহণ নকৰিলে ৷ বৰ্তমানো গোষ্ঠীগত সংঘৰ্ষত গৃহহীনা পৰিয়ালে আশ্ৰয় শিৱিৰত জীৱন নিৰ্বাহ কৰিব লগীয়াটো দূৰ্ভাগ্যজনক ৷ ইয়াৰ পিছতো বিভিন্ন সময়ত আদিবাসী যুৱক শ্বহীদ হবলগীয়া হৈছে ৷

২০০৩ চনত ২৫ জুলাইত জনজাতিকৰণৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব যাওতে পানেৰী কচুবিলত আঠ জনকৈ আদিবাসী যুৱক নিৰাপত্তাৰক্ষীৰ গুলিত প্ৰাণ আহুতি দিবলগীয়া হৈছিল আৰু ৰাজ্যখনক জোকাৰি যোৱা ২০০৭ চনত গুৱাহাটী বেলতলাত লক্ষ্মী উৰাং লাঞ্ছিত হবলগীয়া হৈছিল তত্সত্বেও জনগোষ্ঠীটো জনজাতিৰ ময্যদা পাবলৈ সক্ষম নহল ৷ বিভিন্ন নিৰ্বাচনত বিভিন্ন ৰাজনীতি দলে আদিবাসী সকলক জনজাতি কৰণ , চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা ,ম্যাদী মাটি পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও নিৰ্বাচন পাৰ হোৱা পিছতো সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয় ৷

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজতে অহা কাইলৈ ৰাজ্যজুৰি ক’লা দিৱস অনুষ্টিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সংগঠনটো অহা কাইলৈ ৰাজ্যজুৰি জিলা আঞ্চলিক পয্যায়ত ৰাজহুৱা স্থানত ১৯৯৬ চনত গোষ্ঠীগত সংঘৰ্ষত মৃত্যু হোৱা ব্যক্তি সকলক আত্মাৰ শান্তিৰ বাবে বন্তি প্ৰজ্বলন কৰিবলৈ লগতে প্ৰত্যেকটা আদিবাসী ঘৰত গধুলী চাকি এগজ প্ৰজ্বলন কৰিবলৈ সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰো, উপসভাপতিদ্বয় ৰাজু তিৰ্কী ,চাক্ৰিয়াচ চৰেণ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেবেন উৰাং প্ৰচাৰ সম্পাদক ৰবিৰাম বাস্কে আৰু ডেভিদ তিৰ্কীয়ে আহ্বান জনাইছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments