Monday, January 19, 2026
Homeঅসমজাগুনত এদিনীয়া কাৰ্যসূচীৰে মুঙকাম বস্তিত সোণালী জয়ন্তী সমাৰোহ উদযাপন

জাগুনত এদিনীয়া কাৰ্যসূচীৰে মুঙকাম বস্তিত সোণালী জয়ন্তী সমাৰোহ উদযাপন

অসমৰ পূব প্ৰান্তৰ অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ জাগুনৰ মুঙকাম বস্তিত আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় টাংছা বাপটিছ চাৰ্চ সোণালী জয়ন্তী সমাৰোহ। অসম অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক ব্যক্তি তথা খ্ৰীষ্টিয়ান ধৰ্মালম্বী বহু সংখ্যক লোকৰ সমাগমৰ উপৰিও উপস্থিত থাকে বহু হিন্দু ধৰ্মালম্বী লোক। এই সমাৰোহত বিশিষ্ট অথিতি ৰূপে অংশ গ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং সমষ্টিৰ বিধায়ক লাইচম চিমাই (Laisam Simai)।

উল্লেখ্য যে জাগুন অঞ্চলৰ আটাইতকৈ স্পর্শকাটৰ অঞ্চল হিচাবে পৰিগণিত হোৱা, জনজাতিয় লোক সকলে বসবাস কৰা পিছপৰা মুঙকাম বস্তিত উদযাপন কৰা হয় এই সমাৰোহ। লক্ষ্যণীয় বিষয় এই যে মুঙকাম বস্তিত আজি কুপতি কোনো এখন অসম চৰকাৰৰ দুই এটা সৰু সৰু আঁচনিৰ বাদে কোনো ধৰণৰ ডাঙৰ আঁচনি স্পর্শ কৰিবলৈ সক্ষম নহল ইয়াৰ জনসাধাৰণ। উদ্বেগজনক বিষয় যে ভাৰত স্বাধীনত্বৰ কালতো বিভিন্ন সমস্যাৰ জৰ্জৰিত মুঙকাম বাসী ৰাইজে হয়তো পৰোক্ষ ভাবে মন মেলিছে অৰুণাচল প্ৰদেশৰ লগত চামিল হবৰ বাবে। যিহেতু আকাৰ ইংগিততে তেখেতলোকে সাংবাদিকৰ আগত মত পোষণ কৰা পৰিলক্ষিত হৈছে। কাৰণ অসমৰ মাটিত উদযাপন কৰা টাংছা বাপটিছ চাৰ্চৰ এই সমাৰোহত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক নিমন্ত্ৰণ জনোৱাৰ বিপৰীতে আয়োজক সমিতিয়ে নিমন্ত্ৰণ জনালে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং সমষ্টিৰ বিধায়ক লাইচম চিমাইক (Laisam Simai)।

ইয়াৰ পৰাই অনুভৱ কৰিব পৰা যায় যে অসম চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সহযোগিতা নোপোৱাৰ বাবে হয়টো আমন্ত্ৰণ কৰি আনিলে চুবুৰীয়া ৰাজ্যৰ বিধায়ক গৰাকীক। মুঙকাম বস্তিৰ ৰাইজৰ অভিযোগ অনুসাৰে অসম চৰকাৰক বহু বাৰ কাকতি মিনতি কৰিও টিৰাপ নৈৰ ওপৰত যাতায়াতৰ সুবিধা হোৱাকৈ এখন ওলমা দলঙৰ প্ৰাপ্তি হবলৈ সংখ্যম নহল। সেয়েহে বাৰিষাৰ কালত হাত নাও আৰু খৰালি কালত নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ দলং সাজি নিজেই যাতায়াতৰ ব্যৱস্থা কৰি লয়। এই সকল জনজাতি লোকে অনতি পলমে গাওঁখনৰ সংযোগী পথৰ টিৰাপ নৈৰ ওপৰত এখন ওলমা দলং সাজিবৰ বাবে অসম চৰকাৰক আহ্বান জনাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments