ডিজিটেল ডেস্ক, ANEWS24X7: জামা মছজিদ কৰ্তৃপক্ষৰ বিতৰ্কিত জননী ৷ দিল্লীৰ জামা মছজিদত অকলে প্ৰৱেশ কৰিব নোৱাৰিব মহিলা ৷মছজিদ কৰ্তৃপক্ষয় মহিলাৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে তীব্ৰ চৰ্চা সৃষ্টি হৈছে ৷
জামা মছজিদৰ পিআৰঅ’ চাবিউল্লাহ খানে জননী খনৰ সন্দৰ্ভত কয় যে , “ছোৱালী, মহিলাই পৰিয়ালৰ সৈতে মছজিদলৈ অহাৰ ক্ষেত্ৰত কোনো বাধা নাই , বিবাহিত দম্পতীৰ ক্ষেত্ৰতো কোনো বাধা আৰোপ কৰা হোৱা নাই। অৱশ্যে মহিলাসকলে অকলে মছজিদলৈ আহিলে অনুচিত কাম বুলি বিবেচনা কৰা হ’ব। মহিলাই মছজিদলটোলৈ অকলে অহাটো ধৰ্মীয় স্থানৰ বাবে উপযুক্ত নহয়। পৰিয়াল বা বিবাহিত দম্পতীৰ ক্ষেত্ৰত কোনো প্ৰতিবন্ধকতা নাই,” ।
জামা মছজিদৰ এই জননী খনক মহিলা বিৰোধী আৰু মহিলা সকলক অপমান কৰাৰ লগতে মহিলাৰ স্বাধীনতাক খৰ্ব কৰা হৈছে বুলি অভিষিত কৰিছে একাংশ সমালোচকে ৷ দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে এই সন্দৰ্ভত কয় যে “এনেধৰণে মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ অধিকাৰ কাৰো নাই।”