ডিজিটেল ডেস্ক, ANEWS24X7: নৱবৰ্ষৰ দ্বিতীয়টো দিনত বিস্ফোৰণত কঁপি উঠিল জম্মু-কাশ্মীৰৰ ৰাজৌৰীত ৷ সোমবাৰে পুৱা জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ ডাংগৰী গাঁৱত আই ই ডি বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ সময়তে সন্ত্ৰাসবাদীয়ে গ্ৰেনেডেৰে আক্ৰমণ কৰে ৷ ইয়াৰ ফলত দুজন লোক আহত হৈছে ৷ আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
একেটা স্থানত দেওবাৰে দুজন সন্ত্ৰাসবাদীয়ে নিয়ন্ত্ৰণ ৰেখাৰে ৰাজৌৰীৰ ডাংগৰী গাঁত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰিছিল ৷ এই গুলীচালনাৰ ফলত চাৰিজন লোক নিহত হৈছিল ৷ এই ঘটনাৰ দ্বায়িত্ব স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্কিত টিআৰএফে ৷
ইয়াৰ পিছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনাই অভিযান চলাইছিল ৷ দেওবাৰে গুলীচালনাত নিহত লোকসকল হ’ল দীপক কুমাৰ , সতীশ কুমাৰ , শিৱপাল ওৰফে আশিষ কুমাৰ আৰু প্ৰীতম লাল ৷ নিহত আটাকেইজন আত্মীয় আছিল ৷
