ডিজিটেল ডেস্ক ANEWS24X7: জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত সেনা গুলিত নিহত হয় জেইছ-ঈ-মহম্মদৰ দুই দুধৰ্ষ সন্ত্ৰাসবাদী । বুধবাৰে নিশা বাৰামুল্লা জিলাৰ চোপোৰ চহৰৰ বোমাই অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এই সংঘৰ্ষৰ ফলত এজন অসামৰিক লোক আহত হৈছে । নিহত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীকেইটা চোপোৰ চহৰৰ মহম্মদ ৰফি আৰু পুলৱামাৰ কাইজাৰ আশ্ৰাফ বুলি চিনাক্ত কৰা হৈছে। বৃহস্পতিবাৰে আৰক্ষীৰ তৰফৰ পৰা সদৰী কৰে এই কথা ।
ঘটনা সন্দৰ্ভত কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে টুইট কৰি কয় যে , ”নিহত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীকেইটা চোপোৰ চহৰৰ মহম্মদ ৰফি আৰু পুলৱামাৰ কাইজাৰ আশ্ৰাফ বুলি চিনাক্ত কৰা হৈছে। সন্ত্ৰাসবাদী ৰফিৰ বিৰুদ্ধে আগতে দুবাৰ পিএছএৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। দুয়োটাই কেইবাটাও সন্ত্ৰাসবাদী অপৰাধৰ গোচৰত জড়িত আছিল । সন্ত্ৰাসবাদী দুটাই চোপোৰ অঞ্চলত সাধাৰণ লোকক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছিল ।’’