ডিজিটেল ডেস্ক, A NEWS 24×7 : জম্মু-কাশ্মীৰৰ বিলাৱাৰৰ ধনু পেৰ’ল গাঁৱত সংগঠিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। শুকুৰবাৰে সংঘটিত হোৱা মৰ্মান্তিক পথ দুৰ্ঘটনাত ৫জন লোক নিহত হোৱাৰ লগতে ১৫জন লোক গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, কৌগৰ পৰা ডান্নু পেৰ’ললৈ গৈ থকা বাহনখন গভীৰ খাৱৈত পৰি যোৱাৰ ফলতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত প্ৰথমে চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে পঞ্চমজন ব্যক্তিৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পিছত মৃত্যু হয়।
আহত ১৫ জন লোকক বিলাৱেৰৰ উপ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। দুৰ্ঘটনাত নিহত হোৱা লোককেইজনক বান্টু, হান্স ৰাজ, অজিত সিং, আমৰু, আৰু কাকু ৰাম পুলি চিনাক্ত কৰা হৈছে।