ডিজিটেল ডেস্ক, ANEWS24X7: জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰাৰ ফলত সংঘটিত হয় এই বাছ দুৰ্ঘটনাটো ৷
দুৰ্ঘটনাটোৰ ফলত নিহত হয় ৭ জন লোক ৷ জম্মু-কাশ্মীৰৰ পুঞ্জ জিলাত এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷
বৰ্তমানলৈকে দুৰ্ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই ৷ আৰক্ষী আৰু সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ আহত সকলক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে ৷