ডিজিটেল ডেস্ক ANEWS24X7: জম্মু-কাশ্মীৰত প্ৰাক্তন কংগ্ৰেছী নেতাই গঠন কৰিব নতুন ৰাজনৈতিক দল ৷ দেওবাৰে সদ্য ত্যাগী কংগ্ৰেছ নেতা গোলাম নবী আজাদে নতুন ৰাজনৈতিক দল গঠন কৰাৰ কথা ঘোষণা কৰে ৷ এক সপ্তাহৰ ভিতৰত গঠন কৰিব এই নতুন ৰাজনৈতিক দল ৷
কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত গোলাম নবী আজাদে দেওবাৰে এক ৰাজনৈতিক ৰেলী আয়োজনেৰে তেখেতে নিজ দল গঠনৰ বিষয়ে ঘোষণা কৰে।
জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলটো গঠন কৰি নিৰ্বাচনত অংশগ্ৰহণ কৰিব গোলাম নবী আজাদে ৷
উল্লেখ্য যে জ্যেষ্ঠ কংগ্ৰেছী নেতা জনে দল ত্যাগ কৰাৰ পিছত ৰাজনৈতিক মহলে বিজেপি নাইবা জম্মু–কাশ্মীৰৰ মুখ্য দল নেচনেল কনফাৰেঞ্চ বা পিডিপিত যোগদান কৰিব বুলি সন্দেহ প্ৰকাশ কৰিছিল ৷