নিউজ ডেস্ক, ANEWS24X7: আমেৰিকাৰ ধমকৰ পিছতো থমকি ৰোৱা নাই উত্তৰ কোৰিয়া ৷ পুনৰবাৰ দুটা কম দৰত্বভেদী বেষ্টিক মিছাইল উৎক্ষেপন কৰিলে উত্তৰ কোৰিয়াই ৷ শুক্ৰবাৰে উত্তৰ কোৰিয়াৰ উপকূলীয় অঞ্চলৰ পৰা নিক্ষেপ কৰে এই দুটা মিছাইল ৷
উত্তৰ কোৰিয়াৰ এই মিছাইল উৎক্ষেপকলৈ আতংকিত দক্ষিণ কোৰিয়া আৰু জাপান ৷ অক্টোবৰ মাহটোৰ ভিতৰত উত্তৰ কোৰিয়াই চাৰিটাতকৈ অধিক মিছাইল উৎক্ষেপন কৰিছে ৷ এই সন্দৰ্ভত দক্ষিণ কোৰিয়াৰ যোটিয়া চীফ অফ ষ্টাফে কয় যে ,‘‘এই মিছাইল উত্তৰ কোৰিয়াৰ কাংৱন প্ৰদেশৰ টাংচান অঞ্চলৰ পৰা উৎক্ষেপন কৰিছে ৷’’
উত্তৰ কোৰিয়াৰ এই মিছাইল উৎক্ষেপনৰ কথা জাপান চৰকাৰেও নিশ্চিত কৰিছে ৷ জাপান চৰকাৰে কয় যে ,‘‘ উত্তৰ কোৰিয়াৰ নিক্ষেপ কৰা মিছাইলটো জাপান সাগৰৰ আছুতীয়া অৰ্থনৈতিক অঞ্চলৰ বাহিৰত পৰিছে।’’
উল্লেখ্য উত্তৰ কোৰিয়াৰ কাংৱন প্ৰদেশৰ টংচান অঞ্চল আন্তঃ-কোৰিয়া সীমান্ত অঞ্চলৰ পৰা মাত্ৰ ৬০ কিলোমিটাৰ দূৰত অৱস্থিত। চলিত বৰ্ষত উত্তৰ কোৰিয়াই কেইবাটাও মিছাইল আন্তঃ-কোৰিয়া সীমান্ত অঞ্চলৰ পৰা নিক্ষেপ কৰিছে ৷