Sunday, July 6, 2025
Homeঅসম৯ বছৰ পাছত জাতিংগাত বিৰল প্ৰজাতিৰ ‘টাইগাৰ বিটাৰ্ন’! সামাজিক মাধ্যমত এই ফটো...

৯ বছৰ পাছত জাতিংগাত বিৰল প্ৰজাতিৰ ‘টাইগাৰ বিটাৰ্ন’! সামাজিক মাধ্যমত এই ফটো শ্বেয়াৰ মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্ক, ১১নৱেম্বৰ: বছৰি বহু পৰিভ্ৰমী পক্ষীৰ সমাগম ঘটা ডিমা হাচাও জিলাৰ জাতিংগা পক্ষী উদ্যানলৈ চলিত বছৰতো ভালেসংখ্যক বিৰল প্ৰজাতিৰ পক্ষীৰ আগমন ঘটিছে। পক্ষী উদ্যানখনত এইবাৰ ৯ বছৰৰ পাছত বিৰল প্ৰজাতিৰ টাইগাৰ বিটাৰ্ণ পক্ষীবিধ দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত এই ফটো শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

এই সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,- “নানা পক্ষীৰ কাকলিৰে মুখৰ জাতিংগা৷ বছৰি বহু পৰিভ্ৰমী পক্ষীৰ সমাগম ঘটে এই পক্ষী কাননলৈ আৰু জীৱন্ত হৈ উঠে ইয়াৰ প্ৰাকৃতিক শোভা৷ পৰ্যটকৰ বাবে প্ৰিয় এই সময়ছোৱা৷ এইবেলি জাতিংগাৰ আটাইতকৈ ভাল লগা খবৰটো হ’ল সুদীৰ্ঘ ৯ বছৰ পাছত জাতিংগাত বিৰল প্ৰজাতিৰ ‘টাইগাৰ বিটাৰ্ন’ দেখিবলৈ পোৱা গৈছে। এই খবৰটিৰ অন্তৰালত নিহিত হৈ আছে স্থানীয় লোকসকলৰ পৰিৱেশ সুৰক্ষাৰ দীৰ্ঘদিনীয়া প্ৰয়াস৷” প্ৰত্যেকলৈ অভিনন্দন জনাইছোঁ৷ লগতে আহ্বান জনাওঁ যে পখীৰ কাকলিত সেউজ প্ৰকৃতিৰ আনন্দ ল’বলৈ আপুনিও যাব পাৰে জাতিংগালৈ…”

জাতিংগা নামটো শুনাৰ লগে লগে আমাৰ মনত পোন প্ৰথমতে পৰিভ্ৰমী চৰাইৰ কথা মনলৈ আহে।প্ৰতি বছৰে জাতিংগাৰ পাহাৰ পৰিভ্ৰমী পক্ষীৰ সমাগমৰ মাজেৰে জীৱন্ত হৈ উঠে। যি দৃশ্য মানুহে আনন্দ আৰু উৎসাহেৰে উদযাপন কৰে। এই দৃশ্য চাবলৈ জাতিংগালৈ আহে দুৰ-দুৰণিৰ পৰ্যটক। বৰাইল পাহাৰৰ দাঁতত অৱস্থিত জাতিংগা এখন সৰু গাঁও, গুৱাহাটীৰ পশ্চিমে প্ৰায় ৩৩০ কিঃমিঃ দূৰত অৱস্থিত জাতিংগা।

আকষৰ্নীয় ৰূপ আৰু স্বকীয় আহ্বানৰ বাবে পৰিচিত চৰাই ‘ টাইগাৰ বিটাৰ্ন’ৰ উপস্থিতিয়ে পক্ষীপ্ৰেমী আৰু সংৰক্ষণবিদসকলৰ মাজলৈ আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments