ক্ৰমাৎ গৰম হৈ উঠিছে বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ সামগ্ৰিক পৰিৱেশ। সাম্প্ৰতিক সময়ৰ দোহাই দি বিটিচিত আদিবাসী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবলৈ আত্মপ্ৰকাশ কৰা জয় ভাৰত পাৰ্টিয়ে ঠায়ে ঠায়ে প্ৰদৰ্শন কৰিছে নিজৰ শক্তি। আদিবাসী জনগোষ্ঠীয় নেতা তথা ৰাজ্যিক সভাপতি তিহাৰু গৌড়ৰ নেতৃত্বত লগতে ভেৰগাওঁ পৰিষদীয় সমিতি সমূহৰ সহযোগত কেইবাখনো সাধাৰণ সভা আৰু যোগদান সভা অনুষ্ঠিত কৰিছে।
আজি ওদালগুৰি জিলাৰ ডিমাকুছি চাহ বাগিছা আৰু ভেৰগাওঁ পৰিষদীয় সমিতিৰ সভাপতি সুভাষ সবৰ নেতৃত্বত অনুষ্ঠিত হয় জয় ভাৰত পাৰ্টিৰ আনখন সাধাৰণ সভাৰ লগতে যোগদান সভা।
প্ৰায় পাঁচ শতাধিক চাহ শ্ৰমিক আৰু আদিবাসী লোকে যোগদান কৰে উক্ত সভাত। দাবী কৰা অনুসৰি বিপিএফ, বিজেপি ইউপিপিএল আদিৰ পৰাওঁ কেইবাশতাধিক লোকে যোগদান কৰিছে জয় ভাৰত পাৰ্টিত।
জয় ভাৰত পাৰ্টিৰ উপদেষ্টা অনিমা তপ্নৰ উদাত্ত ভাষণেৰে আদিবাসী জনগোষ্ঠীক উদ্দেশ্যি কয় যে জনগোষ্ঠীটোৰ সামগ্ৰীক উন্নতি সাধন কৰিবলৈ হ’লে ৰাজনৈতিক ভাৱে শক্তিশালী হ’ব লাগিব, লগতে আদিবাসী জনগোষ্ঠীৰ নিজৰ দল জয় ভাৰত পাৰ্টিয়ে আদিবাসী জনগোষ্ঠীক উন্নতিৰ শিখৰত নিবলৈ সকলো প্ৰকাৰে বদ্ধপৰিকৰ।
অন্যহাতে ৰাজ্যিক সভাপতি তিহাৰু গৌড়ে কয় যে শাসকীয় দলৰ ভৃত্য হৈ থকা আদিবাসী জনগোষ্ঠীৰ জনপ্ৰতিনিধি সকলৰ একো আশা কৰিব নোৱাৰি বিকল্প হিচাপে জয় ভাৰত পাৰ্টি।
