ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰেমে নামানে বয়সৰ সীমা ৷ প্ৰেমত বয়সৰ অংক অতিকৈ কঠিন ৷ শেহতীয়াকৈ শিক্ষকৰ প্ৰেমে চৰ্চা লাভ কৰি থকাৰ মাজতে পোহৰলৈ আহিছে আন এজন শিক্ষকৰ প্ৰেম কাহিনী ৷ চৰ্চাত এইবাৰ আন এজন শিক্ষক ৷ ৫২ বছৰীয়া প্ৰেমিক শিক্ষকৰ প্ৰেমে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷
চাজিদ জোৱাৰ নামৰ শিক্ষক গৰাকীৰ প্ৰেমত পৰিল তেওঁৰে ২০ বছৰীয়া ছাত্ৰী জয়া নুৰ ৷ শিক্ষক চাজিদ আলীয়ে শিক্ষকতা কৰিছিল B.Comৰ শিক্ষাৰ্থী জয়া নুৰৰ শ্ৰেণীত ৷ শ্ৰেণীকোঠাতে শিক্ষক চাজিদৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হৈছিল জয়া ৷ ছাত্ৰী জয়াই শিক্ষক-ছাত্ৰীৰ সম্পৰ্ক , বয়সৰ পাৰ্থক্যৰ কথা নাভাবি প্ৰেমৰ প্ৰস্তাৱ দিলে শিক্ষক চাজিদক ৷
প্ৰথম অৱস্থাত শিক্ষক চাজিদে জয়াৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল ৷ জয়াৰ প্ৰেমৰ জোৱাৰৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিলে শিক্ষক ছাদিকে ৷ অৱশেষত বিবাহ পাশত আবদ্ধ হ’ল ৷ দুয়োৰে বিবাহত পৰিয়ালৰ লোকে আপত্তি কৰিছিল যদিও ‘মিয়া বিবি ৰাজী তো ক্যা কৰিগা কাজী’। এশতা বাধাৰ প্ৰাচীৰেও বাধা দি ৰাখিব নোৱাৰিলে দুয়োকে ৷ বৰ্তমান দুয়ো সুখি ৷
এক সাক্ষাতকাৰত শিক্ষক চাজিদে কয় যে , ‘‘জয়াই বিবাহৰ প্ৰস্তাব দিছিল ৷ আমাৰ মাজত ৩২ বছৰৰ পাৰ্থক্য আছে ৷ প্ৰথমে বিয়া কৰাব নোৱাৰো বুলি কৈছিলো ৷ মনৰ মানুহৰ কাষ চাপিবলৈ যোৱাৰ মনোভাৱ আছিল ৷ সেয়েহে প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাক্ষাণ কৰাৰ পিছতো ভাগৰি পৰা নাছিল জয়া ৷জয়াই পুনৰ প্ৰস্তাৱ দিছিল ৷অৱশেষত এসপ্তাহৰ অন্তত প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰো ৷’’ বহু চৰ্চিত এই প্ৰেম কাহিনী পাকিস্তানৰ ৷ জয়া-চাজিদৰ প্ৰেমে এতিয়া চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷