আছাদুদ্দিন ওৱেছি, বদৰুদ্দিন আজমল, গৌৰৱ গগৈ, অখিল গগৈ আদিক বাংলাদেশী মুছলমানৰ আগ্ৰাসনৰ ৰক্ষক আখ্যা দি এইবাৰ বিজেপি মিত্ৰজোঁটে খেদি পঠিয়াবলৈ সক্ষম হব বুলি আজি সৰ্থেবাৰীৰ নেউলাৰ ভিঠাত মন্তব্য কৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
বৰপেটা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সমৰ্থনত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে সাংবাদিকৰ আগতো বৰুৱাই কয় যে আগ্ৰাসনকাৰীক মোগলক খেদাৰ অভিজ্ঞতা অসমীয়াৰ আছে।
গতিকে আগ্ৰাসনকাৰীৰ ৰক্ষকক খেদি বিজেপি মিত্ৰজোঁটে অসমত অভিলেখ সংখ্যক আসনত বিজয়ী হব।
বিজেপি মিত্ৰজোটে অসমত খিলঞ্জীয়াৰ অস্তিত্বৰ ৰক্ষাৰ প্ৰতি দায়বদ্ধ বুলি উল্লেখ কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে বাংলাদেশী আগ্ৰাসনৰ বিৰুদ্ধে তেওলোক সদায় কঠোৰ।
গতিকে পুনৰ চৰকাৰ গঠনৰ পাছত বাকী থকা বেদখলো উচ্ছেদ কৰা হব।
সেয়েহে বৰপেটা, বৰদোৱা আদিক লৈ তেওলোক অধিক সচেতন ।
কাৰণ বৰপেটা , বৰদোৱা হ’ল অসমীয়াৰ স্বাভিমান।
ইপিনে দীপক কুমাৰ দাস বিশাল ব্যৱধানত বিজয়ী হব বুলি বৰুৱাই দাবী কৰে।
তেও কয় যে কংগ্ৰেছৰ সমষ্টিটোত প্ৰাৰ্থী নাই। মনোনয়ন বাতিল হোৱাৰ দিনাই দীপক কুমাৰ দাসৰ বিশাল বিজয় নিশ্চিত হৈ গৈছে।
ইয়াত নিৰ্দলীয়ৰ কোনো প্ৰভাৱ নাই বুলি বৰুৱাই মন্তব্য কৰে।
