Friday, November 8, 2024
Homeৰাজনৈতিকআস্থা ভোটত জয়ী ঝাৰখণ্ডৰ হেমন্ত সোৰেন চৰকাৰ

আস্থা ভোটত জয়ী ঝাৰখণ্ডৰ হেমন্ত সোৰেন চৰকাৰ

ডিজিটেল ডেস্ক ANEWS24X7: আস্থা ভোটত জয়ী ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন । ৮১ জনীয়া বিধায়কৰে গঠিত ঝাৰখণ্ড বিধানসভাৰ ৪৮ জন বিদায়কৰ ভোট লাভ কৰি সংখ্যাগৰিষ্ঠতা প্ৰমান কৰে ঝাৰখণ্ড চৰকাৰে । আস্থাভোট প্ৰক্ৰিয়াৰ পৰা বিৰত থাকে বিজেপি আৰু ইয়াৰ সহযোগী এজেএছইউ পাৰ্টি আৰু দুজন নিৰ্দলীয় বিধায়ক । সোমবাৰে ঝাৰখণ্ড বিধানসভাত অনুষ্ঠিত হোৱা এই আস্থাভোটত জয় হোৱাৰ পিছতে ৰাজ্যখনৰ প্রধান বিৰোধী দল বিজেপি আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লয় ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ।

বিজেপিক সমালোচনা কৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে কয় যে , “বিজেপিয়ে মোক আঁতৰাবলৈ ষড়যন্ত্ৰৰ জাল সৃষ্টি কৰিছিল । কিন্তু তেওঁলোক নিজেই সেই ফান্দত পৰিল । আমি শুনিছো যে মানুহে কাপোৰ ক্ৰয় কৰে , ৰেচন ক্ৰয় কৰে । বিজেপিয়ে কেৱল বিধায়কহে ক্ৰয় কৰে । বিৰোধীয়ে গণতন্ত্ৰ ধ্বংস কৰিছে। বিজেপিয়ে বিধায়ক ক্ৰয় আৰু বিক্ৰী কৰাৰ খেল খেলি আছে ৷ ৮১ জনীয়া ঝাৰখণ্ড বিধানসভাত শাসকীয় মিত্ৰজোঁটৰ ৪৮ জন বিধায়ক আছে। ‘

তেওঁ লগতে কয় যে , “যিবোৰ ৰাজ্যত বিজেপিৰ চৰকাৰ নাই, সেইবোৰ ৰাজ্যত বিজেপিয়ে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰসমূহক অস্থিৰ কৰিবলৈ চেষ্টা কৰি আছে । সেয়েহে আস্থা ভোট বিচৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এই মন্তব্য প্ৰদান কৰাৰ পিছতে সদলত বিৰোধী বিজেপি বিধায়ক সকলে হুলস্থূলিয়া পৰিস্থিতিৰ সৃষ্টি কৰে ।

আস্থাভোটত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ঝাৰখণ্ডৰ একক বৃহত্তম দল হিচাপে ঝাৰখণ্ড মুক্তি মৰ্চাৰ ৩০ জন বিধায়ক আৰু কংগ্ৰেছৰ ১৮ জন বিধায়কৰ সমৰ্থন লাভ কৰে ৷ ইয়াৰ বিপৰিতে বিজেপি দলৰ মাত্ৰ ২৬ জন বিধায়ক আছে ৷ উল্লেখ্য যে , দিল্লী আৰু ঝাৰখণ্ডত বিধায়ক কিনা বেচা কৰি চৰকাৰ গঠন কৰাত এক প্ৰকাৰ ব্যৰ্থ হৈছে বিজেপি দল । আনহাতে বিহাৰতো বিজেপিৰ সৈতে জেডিইউ দলে মিত্ৰতা ভংগ কৰি কংগ্ৰেছ আৰু আৰজেডিৰ লগত মিলি নতুন চৰকাৰ গঠন কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments