বিশ্বনাথত উপস্থিত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেন। ৰাজ্যৰ ৰাজনীতিত ঝাৰখণ্ডৰ JMM দলৰ প্ৰৱেশ। বিশ্বনাথৰ মিজিকা চাহ বাগিছা খেল পথাৰত অনুষ্ঠিতবিশাল ৰাজনৈতিক সজাগতা সভা। সভাত হেমন্ত চৰেণৰ উদাত্ত ভাষণ। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আদিবাসী সমাজে কেতিয়াও গোলামী কৰা নাই।
আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত হেমন্ত চৰেণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন আৰ্শীবাদ যাত্ৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰে
ৰাজ্যত নতুনকৈ জন্ম লাভ কৰা জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ডৰ JMM দলৰ মাজত আজি আনুষ্ঠানিক ভাবে এলায়েঞ্চ কৰা হব বুলি জানিব দিয়ে জয় ভাৰত দলৰ কেন্দ্ৰীয় সভাপতি তেহাৰু গৌৰে।জয় ভাৰত পাৰ্টিৰ সভাপতি গৰাকীয়ে জানিব দিয়া মতে সমাগত বিধান সভা নিৰ্বাচনত চল্লিশটা বিধান সভা সমষ্টিত এইবাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰি জয় লাভ কৰিব বুলিও দাবী কৰে।
