ডিজিটেল ডেস্ক, ANEWS24X7: অসমৰ বাবে এটি ভাল খবৰ। ১৯ অনুৰ্ধ্বৰ ভাৰতীয় মহিলা ক্ৰিকেট দললৈ নিৰ্বাচিত কৰা হৈছে অসমৰ মঙলদৈৰ উদীয়মান মহিলা ক্ৰিকেটাৰ জিণ্টিমণি কলিতাক। বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ত্ৰিদেশীয় ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব জিণ্টিমণি কলিতাই।
এই প্ৰতিযোগিতাখন ১৩ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। এই প্ৰতিযোগিতাখনত ভাৰতৰ উপৰিও প্ৰতিদ্বন্দিতা আগবঢ়াব শ্ৰী লংকা আৰু ৱেষ্ট ইণ্ডিজ য়ে। এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰক বৰ্ডে।
এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ভাৰতৰ A আৰু B দুয়োটা দলে। জিণ্টিমণিক ভাৰতৰ A দলটোলৈ নিৰ্বাচিত কৰা হৈছে। তেওঁৰ এই সফলতাৰ বাবে অসম ক্ৰিকেট সন্থাই তেওঁক শুভেচ্ছা জ্ঞাপন কৰে