Friday, November 8, 2024
Homeনিয়োগদশম উত্তীৰ্ণৰ বাবে চাকৰিৰ সুযোগ

দশম উত্তীৰ্ণৰ বাবে চাকৰিৰ সুযোগ

ডিজিটেল ডেস্ক, anews24x7: ইণ্ডিয়া ডাকঘৰ নিয়োগ ২০২৩ ৰ জাননী @indiapostgdsonline.in প্ৰকাশ কৰা হৈছে। ১২,৮২৮ টা পদৰ বাবে। অনলাইন আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে ১১ জুন ২০২৩। আবেদনকাৰীয়ে ১১ জুনলৈকে ভাৰতীয় ডাকৰ অফিচিয়েল ৱেবছাইট indiapostgdsonline.gov.inত এই পোষ্টৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।

আবেদনকাৰীয়ে গ্ৰামীণ ডাক সেৱক নিযুক্তি প্ৰপত্ৰৰ সংশোধন অহা ১২ জুনৰ পৰা ১৪ জুন,২০২৩ লৈকে কৰিব পাৰিব। ইপিনে ভাৰতীয় ডাক বিভাগত গ্ৰামীণ ডাক সেৱক পদৰ নিযুক্তিৰ আবেদনৰ বাবে প্ৰাৰ্থীসকলে দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। দশম শ্ৰেণীত গণিত আৰু ইংৰাজী বিষয় থকাটো প্ৰয়োজনীয়। আবেদনকাৰীসকলৰ বয়স ১৮–৪০ বছৰৰ ভিতৰত হ’ব লাগিব। আনহাতে, সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে সৰ্বাধিক বয়সসীমাত শিথিলতা লাভ কৰিব।

আনহাতে এই গ্ৰামীণ ডাক সেৱক পদৰ বাবে বাছনি দশম শ্ৰেণীত লাভ কৰা নম্বৰৰ আধাৰত কৰা হয়। দশম শ্ৰেণীৰ আধাৰত যোগ্যতা প্ৰস্তুত কৰা হয় লগতে গ্ৰামীণ ডাক সেৱক পদত নিযুক্তিৰ বাবে আবেদন মাচুল ১০০ টকা। অৱশ্যে, আবেদনখন মহিলা প্ৰাৰ্থী, অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ আবেদনকাৰী, পৃথকভাৱে সক্ষম আবেদনকাৰী আৰু ট্ৰেন্সৱমেনৰ বাবে বিনামূলীয়া কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments