Monday, July 7, 2025
Homeঅসমনিশা ১১ বজাত বিহু চাবলৈ যোৱা বেদাংগৰ লগত প্ৰকৃততে হৈছিল কি?

নিশা ১১ বজাত বিহু চাবলৈ যোৱা বেদাংগৰ লগত প্ৰকৃততে হৈছিল কি?

শুভাশীষ শৰ্মা,যোৰহাট: যোৰহাটত চাঞ্চল্যকৰ ঘটনা। বিহু অনুস্থান চাবলৈ গৈ কৰুণ মৃত্যু বেদাঙ্গ ভুষণ বৰুৱা নামৰ যুৱক জনৰ

ঘটনা সংঘটিত হোৱাৰ পিছতে বেদাঙ্গক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ অনা হৈছিল আৰু পৰৱৰ্তী সময়ত যোৰহাট মিচন হস্পাটাললৈ নিয়া হৈছিল।মিছন হস্পাতালত বেদাঙ্গৰ মগজুৰ অস্ত্ৰোপচাৰ কৰা হৈছিল

আজি পুৱা মৃত্যুৰ ওচৰত হাৰ মানে বেদাঙ্গই। দেওবাৰে চন্দন নগৰৰ বিহু অনুস্থানৰ সাংস্কৃতিক কাৰ্য্যসুচী উপভোগ কৰিবলৈ গৈছিল বেদাঙ্গ | অনুস্থান চায় ঘৰলৈ ঘুৰি অহা সময়ত বেদাঙ্গক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে প্ৰায় ১৫ ২০ জনীয়া দুৰ্বৃত্তৰ দলে |

বেদাঙ্গৰ পিতৃ ভুৱন বৰুৱা এজন অৱসৰ প্ৰাপ্ত কৰ্মচাৰী। ইতিমধ্যে লিচুবাৰী আৰক্ষী চকীত বেদাঙ্গৰ আত্মীয়ৰ এজাহৰৰ ভিত্তিত এক গোচৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments