Friday, November 8, 2024
Homeঅসমনিম্ন ন্যায়পালিকত সৃষ্টি কৰা হ’ব ১০০ নতুন পদ

নিম্ন ন্যায়পালিকত সৃষ্টি কৰা হ’ব ১০০ নতুন পদ

 

ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যৰ ন্যায়ৰ দ্ৰুত বিতৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিব এক বিশেষ পদক্ষেপ ৷ শনিবাৰে গুৱাহাটীত অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ হীৰক জয়ন্তী উৎসৱত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে , ‘‘ কেন্দ্ৰীয় চৰকাৰে ন্যায়িক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৯,০০০ কোটি টকা অনুমোদন আগবঢ়াব ৷ অসমে ইয়াৰ অংশ হিচাপে প্ৰায় ৩০০ কোটি টকা লাভ কৰিব। ন্যায়াৰ দ্ৰুত বিতৰণৰ বাবে ৰাজ্য চৰকাৰে নিম্ন ন্যায়পালিকত সৃষ্টি কৰিব ১০০ টা নতুন পদ

উল্লেখযোগ্য যে, অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ হীৰক জয়ন্তী উৎসৱত কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী শ্রীকিৰেণ ৰিজিজু, উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকল ক্রমে ন্যায়াধীশ শ্রীসূর্যকান্ত, ন্যায়াধীশ শ্ৰীহৃষীকেশ ৰয়, ন্যায়াধীশ শ্ৰীসুধাংশু ধুলীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ আৰ এম চ্চায়া, ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰীঅৰূপ কুমাৰ গোস্বামী, তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰীউজ্জ্বল কুমাৰ ভূঞা, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু প্রাক্তন ন্যায়াধীশ তথা অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ অধ্যক্ষকে আদি কৰি বহুকেইগৰাকী ব্যক্তিয়ে অনুষ্ঠানটিত উপস্থিত থাকে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments