Tuesday, July 8, 2025
Homeঅসমকলিয়াভোমোৰা নতুন দলংত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াভোমোৰা নতুন দলংত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল ডেস্ক, ANEWS24X7: কলিয়া ভোমোৰাৰ নতুন দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰন হেৰুৱাই দলঙৰ ৰেলিঙত খুন্দা মাৰে AS 12 T 9567 নম্বৰৰ Hyundai verna বাহনখনে ৷ সৌভাগ্য ক্ৰমে বাহনখন উফৰি দলঙৰ পৰা তলত পৰি যোৱাৰ পৰা ৰক্ষা পৰে ।

তেজপুৰৰ পৰা দুলীয়াজান অভিমুখী আছিল বাহনখন ৷ বাহনখনত ডঃ এলবাৰ্ট বাৰজাই নামৰ লোকজন আৰু তেখেতৰ পৰিয়ালটো আৰোহী হিচাপে আছিল । বহনখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত আটাইকেইজন আৰোহী কম বেছি পৰিমানে আঘাতপ্ৰাপ্ত হয় । বাহন খনৰ ব্ৰেকৰ বিজুটিৰ বাবেই দুর্ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments