ডিজিটোল ডেস্ক ANEWS24X7: দুই বছৰৰ পূৰ্বৰ এটা টুইটৰ বাবে গ্ৰেপ্তাৰ হ’ল বলিউডৰ বিতৰ্কিত অভিনেতা কমল ৰছিদ খান । মঙলবাৰে পুৱা মুম্বাই বিমান বন্দৰৰ পৰা মালাড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কমল ৰছিদ খানক ।
অভিনেতাগৰাকীয়ে ২০২০ চনত ক্ৰিকেটাৰ বিৰাট কোহলী সন্দৰ্ভত এটা বিতৰ্কিত টুইট কৰিছিল ।
অভিনেতাগৰাকীয়ে টুইট টোত কৈছিল যে, বিৰাট হৈছে প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ যাৰ হতাশাৰ সমস্যা আছে । বিৰাট কোহলীৰ হতাশাৰ কাৰণ অনুষ্কা শৰ্মা । এয়া এগৰাকী অভিনেত্ৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ ফল ।
এই টুইট কৰাৰ পিছতে অভিনেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল । উল্লেখ্য যে , বিভিন্ন সময়ত বলীউডৰ এই গৰাকী অভিনেতাই বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰি আহিছিল ।