চন্দন বৰা, কমাৰগাঁও: বোকাখাত সমজিলাৰ অন্তৰ্গত কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কমাৰগাঁৱৰ কাৰণীহোলাৰ তৰাণীত আজি বিয়লি ভাগত অকস্মাতে জুই সূত্ৰপাত হোৱাত ভয়ানক অগ্নিকাণ্ড হয়। এই অগ্নিকাণ্ডৰ ফলত উক্ত অঞ্চলটোৰ তৰাণী মাজত আশ্ৰয় লৈ থকা বিভিন্ন পৰিভ্ৰমী চৰাই, স্থানীয় পক্ষী লগতে দুষ্প্ৰাপ্য কাম চৰাই বাহ জ্বলি চাৰখাৰহয় ।
ইফালে এই তৰাণীখনত অজগৰ সাপৰ লগতে আন সাপেও আশ্ৰয় লৈ আছিল। জুইত অসংখ্য চৰাই পোৱালীৰ লগতে সাপৰ মৃত্যু হয়। পিটনিৰ বাবে জুই নিয়ন্ত্ৰণত সমস্যা হয় যদিও স্হানীয় ৰাইজ, আৰক্ষীৰ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত প্ৰায় এক ঘন্টাৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।
আনহাতে কমাৰগাঁৱৰ কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠান , বাসগৃহ ৰাইজৰ প্ৰচেষ্টাৰ বাবে ৰক্ষা পৰে। অগ্নি কাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও কেইজনমান লোকে আজি দুপৰীয়া সময়ত তৰা গছ কাটি আছিল। উল্লেখযোগ্য যে এই কাৰণিহোলাত স্হানীয় ৰাইজে চৰাই নিধনৰ পৰা বিৰত আছিল। অলপতে এই কাৰণিহোলাৰ সমীপতে কেবাটাও অজগৰ উদ্ধাৰ কৰি বনবিভাগক চমজাই দিছিল ।