Tuesday, March 10, 2026
Homeঅসমআনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰিলে সদ্য পদত্যাগী ইউপিপিএল নেতা খাম্পা বৰগয়াৰীয়ে

আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰিলে সদ্য পদত্যাগী ইউপিপিএল নেতা খাম্পা বৰগয়াৰীয়ে

চিৰাঙত আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰিলে বিটিচিৰ বিৰোধী দলপতি তথা সদ্য পদত্যাগী ইউপিপিএল নেতা খাম্পা বৰগয়াৰীয়ে৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতি ইউপিপিএল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিপিএফত যোগ দিলে খাম্পা বৰগয়াৰীয়ে৷

হাগ্ৰামা মহিলাৰীক চন্দন ব্ৰহ্মৰ স্থিতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে চন্দন ব্ৰহ্ম ‘কালচাৰেল’ বিভাগৰ সভাপতি হৈ আছে৷ গতিকে চন্দন ব্ৰহ্ম বিপিএফত আহিব নে নাহিব সেই কথা অৱগত নহয়। আনহাতে, আগন্তুক নিৰ্বাচনত কংগ্ৰেছ বা ইউপিপিএলৰ অৱস্থা কি তেওঁ অৱগত নহয় বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে৷

ইফালে এনডিএৰ তৰফৰ পৰা বিটিচিত আসন ভাগ বটোৱাৰা চূড়ান্ত হোৱা নাই বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে বিটিচিৰ অন্তৰ্গত ১৫টা বিধানসভা আসনত এনডিএ হিচাপে জিকাই দিয়াটো বিপিএফৰ দায়িত্ব আছে৷ যদিও আসন ভাগ বটোৱাৰা বৰ্তমান লৈ চূড়ান্ত হৈ উঠা নাই৷

ইফালে খাম্পা বৰগয়াৰীয়ে উন্নয়নৰ স্বাৰ্থত ইউপিপিএল দল ত্যাগ কৰি বিপিএফ দলত যোগ দান কৰা বুলি উল্লেখ কৰি বিপিএফক শ্ৰেষ্ঠ দল আখ্যা দিয়ে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments