কাৰ্বি যুৱ মহোৎসৱৰ ৫২ সংখ্যক কাৰ্যসূচী প্ৰতিবছৰৰ দৰে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব। পাঁচোটা দিন কাৰ্বি জনগোষ্ঠীৰ লোক নৃত্য-গীতেৰে মুখৰিত হৈ পৰিব কাৰ্বি যুৱ মহোৎসৱৰ থলী।
মহোৎসৱটিৰ আয়োজক কাৰ্বি কালচাৰেল ছ’চাইটিৰ অসম, মেঘালয়, অৰুণাচলত থকা ৩৪ টা মাণ্ডলিকে এইবাৰৰ কাৰ্বি যুৱ মহোৎসৱটিত অংশ লব। মহোৎসৱটিত এইবাৰ নেপাল, টাইৱান, হাংগেৰী আদি দূতাবাসৰ প্ৰতিনিধিও উপস্থিত থাকিব। কাৰ্বি সংস্কৃতিৰ বুজ লবলৈ আহিব দাক্ষিণাত্যৰ এটি গৱেষক দল। মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মায়ো মহোৎসৱৰ কোনোবা এটা দিনত উপস্থিত থকাৰ কথা।
উজবেকিস্তানৰ এটা দলেও মহোৎসৱটিৰ সাংস্কৃতিক কাৰ্যসূচীত অংশ লব। ১৯ ফেব্ৰুৱাৰীৰ সামৰণি নিশাৰ কাৰ্যসূচীত পৱনদ্বীপ ৰাজনে সংগীতানুষ্ঠান পৰিবেশন কৰিব।
