ডিজিটেল ডেস্ক, ANEWS24X7: কৰিমগঞ্জত বিনামূলীয়া চাউলৰ নামত দীৰ্ঘদিন ধৰি সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি ৷ কৰিমগঞ্জ জিলাৰ কানিশাইল জবাইনপুৰ সমবায় সমিতিৰ সংঘটিত হৈ আহিছে এই দুৰ্নীতি ৷ কানিশাইল জবাইনপুৰ সমবায় সমিতিৰ বিৰুদ্ধে জনতাৰ বাবে আবন্টন দিয়া চৰকাৰী চাউল আত্মসাৎ কৰাৰ অভিযোগ দীৰ্ঘ দিনীয়া ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে কানিশাইল জবাইনপুৰ সমবায় সমিতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে ৷
ইয়াৰ পিছতে কৰিমগঞ্জ আৰক্ষীয়ে সোমবাৰে সমবায় সমিতি খনৰ সম্পাদক স্বপন নামশুদ্ৰক গ্ৰেপ্তাৰ কৰে ৷ কৰিমগঞ্জ আৰক্ষীয়ে দুৰ্নীতিগ্ৰস্থ সমবায় সমিতিৰ সম্পাদকজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ৷