ডিজিটেল ডেস্ক, ২৩জুলাই: কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় পাঁচ জন লোকৰ। গুৰুতৰ আহত হয় এজন লোক। কৰিমগঞ্জ জিলাৰ নিলামবজাৰ থানা এলাকাৰ বেৰাজালত সংঘটিত হয় এই দুৰ্ঘটনা।
এখন অট’ৰিক্সা আৰু এখন হুণ্ডাই ভেনু গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত অট’ৰিক্সাখনৰ নম্বৰ AS 10BC 2061 আৰু ভেনু গাড়ীখনৰ নম্বৰ AS 11S 8323। থিতাতে মৃত্যু হোৱা কেইজনৰ মাজত আছে এটি শিশুও।
দুৰ্ঘটনা সংঘটিত কৰি দুয়োখন বাহন বাগৰি পৰে পথৰ দাঁতিত থকা পথাৰত। ঘটনাৰ পিছত ক্ষুব্ধ ৰাইজে কিছু সময়ৰ বাবে পথ অৱৰোধ কৰে। ঘটনাস্থলীত নিলামবজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।
