Thursday, March 12, 2026
Homeঅসমআজি কাতি বিহু, ব্যস্ত প্ৰতিজন চহা অসমীয়া

আজি কাতি বিহু, ব্যস্ত প্ৰতিজন চহা অসমীয়া

আজি কাতি বিহু। অসমৰ জাতীয় সংস্কৃতি তথা বৰ্ণাঢ্য লোক পৰম্পৰাক সৰোগত কৰি আজি ৰাজ্যজুৰি উদযাপিত কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া।

চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা জনাই ধাননি পথাৰত জ্বলাইছে এগচি বন্তি। কাতি মাহত কৃষকৰ পথাৰখন প্ৰাণৱন্ত হৈ পৰে। সেউজীয়া হৈ পৰে কৃষকৰ সপোনবোৰ। খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰিব কৃষকে। আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি৷

এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে কাতি বিহু। তদুপৰি গো–লক্ষ্মীক উদ্দেশ্যি গোহালি ঘৰ, লক্ষ্মী বাস কৰা ভঁৰাল ঘৰ, তামোল–নাৰিকলৰ আদিৰ তলতো প্ৰতিজন অসমীয়াই জ্বলাইছো ভক্তিৰ চাকিগচি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments