ডিজিটেল ডেস্ক, ২৮অক্টোবৰ: অৱশেষত ডি.বি ষ্টক কেলেংকাৰিৰ মূল অভিযুক্ত দিপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ । যোৱা আঢ়ৈ মাহ ধৰি পলাতক হৈ আছিল দিপাংকৰ বৰ্মন । গোৱাত দীপাংকৰৰ আত্মগোপন কাহিনীৰ যৱনিকা অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল দিপাংকৰ বৰ্মনক । ২২ আগষ্টত পল্টনবজাৰ থানাত গোচৰ ৰুজু হোৱাৰ পূৱে পলায়ন কৰিছিল দীপাংকৰে । ১৮ আগষ্টৰ পৰা আত্মগোপন কৰি গোৱাত লুকাই আছিল দীপাংকৰ ।২১ আগষ্টৰ পৰা সামাজিক মাধ্যম ব্যৱহাৰৰ পৰাও বিৰত আছিল ।
গোৱাৰ ক’ত ক’ত আত্মগোপন কৰিছিল দীপাংকৰ বৰ্মনে ?
গোৱাৰ আৰম্বল বীচ্ছৰ সমীপত লুকাই আছিল দীপাংকৰ । চহৰৰ পৰা দূৰৈৰ এটা হোম ষ্টেত অকলশৰে আছিল দীপাংকৰ ।বিশেষ খবৰৰ ভিত্তিত শনিবাৰে হোটেলত থকাৰ তথ্য লাভ কৰিছিল। দেওবাৰে পুৱা ACP অমৃত মাহাতোৰ নেতৃত্বত গৈছিল আৰক্ষীৰ দলটো , সন্ধিয়া অসম আৰক্ষীৰ দলটোৱে
গ্ৰেপ্তাৰ কৰে অভিযুক্ত দীপাংকৰ বৰ্মনক ।
বেয়া দিনতো বিলাসী জীৱন কটাই আছিল দীপাংকৰ বৰ্মনে !
দীপাংকৰৰ পৰা উদ্ধাৰ বাণ্ডিলে বাণ্ডিলে টকা !
জব্দ কৰা হৈছে নগদ ২৭ লাখ টকা , সোণৰ অলংকাৰ আৰু পাছপৰ্ট । আজি গোৱাৰ পাৰনেম আদালতত হাজিৰ কৰোৱা হৈছে দীপাংকৰক । অসম আৰক্ষীয়ে ট্ৰেনজিত ৰিমাণ্ডত লৈ গুৱাহাটীৰ আদালতত হাজিৰ কৰিব ।
ইয়াৰ পূৱে অসম আৰক্ষীয়ে এই গোচৰৰ সৈতে জড়িত বিশাল ফুকন , স্বপ্নীল দাস , অভিনেত্ৰী চুমি বৰা আৰু ফটোগ্ৰাফাৰ তাৰ্কিক বৰাক গ্ৰেপ্তাৰ কৰিছিল ।