Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙ আটক!

খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙ আটক!

ডিজিটেল ডেস্ক, ANEWS24X7: অমৃতপাল সিং “ৱাৰিছ পাঞ্জাৱ দে”নামৰ এটা বিতৰ্কিত সংগঠনৰ মুৰব্বী। এই সংগঠনটো অভিনেতা দীপ সিদ্ধুৰ দ্বাৰা আৰম্ভ কৰা এক মৌলবাদী সংগঠন৷ অভিনেতা দীপ সিদ্ধুৰ যোৱা বছৰ ফেব্ৰুৱাৰীত এক পথ দুৰ্ঘটনাত মৃত্যু হয়।

পঞ্জাৱ আৰক্ষীয়ে ৰাজ্যখনৰ এজন মৌলবাদী প্ৰচাৰক তথা বিতৰ্কিত সংগঠন “ৱাৰিছ পাঞ্জাৱ দে”ৰ মুৰব্বী অমৃতপাল সিঙক আটক কৰিছে। আজি তেওঁক পঞ্জাৱৰ সাতখন জিলাৰ আৰক্ষীয়ে ঘেৰাও কৰি কৰায়ত্ব কৰে। অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলক জলন্ধৰৰ শ্বাহকোটৰ মাহেতপুৰ গাঁৱৰ ওচৰত আৰক্ষীয়ে আগুৰি ধৰিছিল।

শ্বাহকোটত অমৃতপাল সিঙৰ আগমনৰ বিষয়ে আৰক্ষীৰ ওচৰত আগতীয়া তথ্য আছিল। ইতিমধ্যে মোগা আৰক্ষীয়ে মোগা আৰু শ্বাহকোটৰ সকলো পথ বন্ধ কৰি নিৰাপত্তা বৃদ্ধি কৰিছিল। আৰক্ষীয়ে আগতে তেওঁৰ ছয়জন সহযোগীক গ্ৰেপ্তাৰ কৰে। সন্ধিয়া তেওঁক জিম্মাত লোৱা হৈছিল। সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰশাসনে যোৱা নিশা ১২ বজাৰ পৰা পঞ্জাৱৰ বহুতো অঞ্চলত ইণ্টাৰনেট বন্ধ কৰি দিছিল। সূত্ৰৰ খবৰ অনুসৰি দেশত জি-২০ৰ সভা চলি থকাৰ কাৰণে চৰকাৰে অমৃতপাল সিঙৰ ওপৰত ব্যৱস্থা ল’বলৈ অপেক্ষা কৰিব লগা হৈছিল৷

খলিস্তান পন্থী সংগঠন ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু কৰা হৈছে৷ তাৰে দুটা গোচৰ অমৃতসৰ জিলাৰ আজনালা আৰক্ষী থানাত ৰুজু কৰা হৈছে৷। তেওঁৰ এজন ঘনিষ্ঠ সহায়ক তেওঁৰ সমৰ্থকসকলৰ সৈতে গ্ৰেপ্তাৰ হোৱাৰ বাবে ক্ষুব্ধ হৈ অমৃতপালে ২৩ ফেব্ৰুৱাৰীত আজনালা আৰক্ষী থানাত আক্ৰমণ কৰে। এই ক্ষেত্ৰত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে পঞ্জাৱ আৰক্ষীক সমালোচনা কৰা হৈছিল।

অমৃতপাল সিঙে তেওঁৰ মুখ্য সহায়ক লাভপ্ৰীত সিঙক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ কৰি কৰ্মীজনক আৰক্ষীৰ পৰা উদ্ধাৰ কৰিছিল। প্ৰায়ে সশস্ত্ৰ সমৰ্থকৰ দ্বাৰা পৰিবেষ্টিত এজন মৌলবাদী প্ৰচাৰক আৰু খলিস্তান পন্থী কৰ্মী অমৃতপাল সিঙে কিছু সময়ৰ পৰা পঞ্জাৱত সক্ৰিয় হৈ আছে।

অমৃতপাল সিঙে অভিযোগ কৰে যে যিহেতু আৰক্ষীয়ে তেওঁৰ সহযোগী লাভপ্ৰীত সিং ওৰফে তুফান সিঙৰ বিৰুদ্ধে “মিছা গোচৰ” ৰুজু কৰিছে সেয়ে তেওঁ শতাধিক “ৱাৰিছ পাঞ্জাৱ দে” সমৰ্থকৰ সৈতে অমৃতসৰৰ আজনালাত আৰক্ষীক লগ কৰিবলৈ গৈছিল। লাভপ্ৰীত সিঙক তাতে ৰখা হৈছিল। অমৃতপাল সিঙে কয়, “সংবাদ মাধ্যমই গোটেই বিষয়টো ভুলকৈ উপস্থাপন কৰিছে। লাভপ্ৰীত সিঙৰ বিৰুদ্ধে মিছা এজাহাৰ দাখিল কৰা হৈছে।”

তেওঁ কয় যে “যদি আৰক্ষীয়ে সমবেত লোকসকলক অভিযুক্ত নসজালে হেঁতেন, তেন্তে কোনো হিংসা নহ’লহেঁতেন”৷ আৰক্ষীৰ পৰা বাচিবলৈ শিখ সকলৰ পবিত্ৰ গ্ৰন্থ ‘‘গুৰু গ্ৰন্থ চাহিব’’ ব্যৱহাৰ কৰাৰ অভিযোগ অমৃতপাল সিঙে অস্বীকাৰ কৰে। সিঙে কয়, “আমি য’তেই যাওঁ, গুৰু গ্ৰন্থ চাহিবৰ সদায় আমাৰ লগতেই যায়।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments