জাহিৰুল ইছলাম, ANEWS24X7:মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় নিধনৰ ঘটনা ৷ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ কাহিটামা বীটৰ চিধাঝাৰ বন শিৱিৰৰ পৰা পাঁচশ মিটাৰ নিলগত উদ্ধাৰ খৰ্গবিহীন গঁড়ৰ কংকাল ৷
বিগত মে মাহত চোৰাং চিকাৰীয়ে গঁড়টো হত্যাৰ সন্দেহ ৷বন বিভাগে গাপ দিয়াৰ চেষ্টা সমগ্ৰ ঘটনা ৷সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই আচল ৰহস্য । উল্লেখযোগ্য যে ২০১৬ চনৰ অক্টোবৰ মাহৰ পাছত এয়া মানাহত গঁড় হত্যাৰ ঘটনা ৷
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৩ চনৰ ১ জানুৱাৰীত কৈছিল যে ২০২২ চনত কাজিৰঙা আৰু সমগ্ৰ ৰাজ্যতে গঁড় চোৰাং চিকাৰৰ কোনো ঘটনা সংঘটিত হোৱা নাছিল। অতীতত গঁড়ৰ চোৰাং চিকাৰ ব্যাপকভাৱে হৈছিল, যি এতিয়া কৰ্তৃপক্ষৰ দ্বাৰা কঠোৰ নিৰীক্ষণ আৰু অন্যান্য উন্নত নিৰাপত্তা ব্যৱস্থাৰ বাবে যথেষ্ট হ্ৰাস পাইছে। মে মাহত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াত অসম আৰক্ষীয়ে এজন সন্দেহযুক্ত চোৰাং চিকাৰীক আটক কৰিছিল। আৰক্ষীয়ে তেওঁৰ ওচৰৰ পৰা এটা গঁড়ৰ শিংও উদ্ধাৰ কৰিছিল।