ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজত সংঘাত আজিৰ নহয় ৷ এই সংঘাতে সমগ্ৰ বিশ্বকে চুই গৈছে ৷ উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সংঘাতৰ কেন্দ্ৰ বিন্দু আমেৰিকা ৷ আমেৰিকাৰ প্ৰতি সদায় আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি আহিছে উত্তৰ কোৰিয়াই ৷ উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে প্ৰতিটো মুহূৰ্ততে আমেৰিকাক পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দি আহিছে ৷
ইয়াৰ মাজতে আমেৰিকাৰ আৰু দক্ষিণ কোৰিয়াৰ প্ৰতি পুনৰ আক্ৰমণাত্মক হৈছে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ ভগ্নী তথা কোৰিয়ান ৱৰ্কাৰ্ছ পাৰ্টিৰ কেন্দ্ৰীয় কমিটিৰ সঞ্চালিকা কিম ইয়ো-জঙ ৷ দক্ষিণ কোৰিয়াক আক্ৰমণৰ লক্ষ্য কৰি কয় যে ,‘‘দক্ষিণ কোৰিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ “বিশ্বস্ত কুকুৰ” ৷ কিম ইয়ো-জঙৰ এই মন্তব্যৰ পিছত সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিম জং উনৰ ভগ্নী কিম ইয়ো-জঙে ৷ এক বিবৃতি যোগে কিম ইয়ো-জঙে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক-ইয়োলৰ প্ৰশাসকক তীব্ৰ সমালোচনা কৰে ৷ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুনৰ কেবিনেট সদস্যসকলক “মূৰ্খ” বুলি অভিহিত কৰি কিম ইয়ো-জঙে কয় যে, ‘‘দক্ষিণ কোৰিয়াৰ কেবিনেট সদস্যসকলে ৱাশ্বিংটনৰ ভাটৌ চৰাই হিচাপে কাম কৰি আছে।’’
কিম ইয়ো-জঙে স্পষ্ট কৰি দিয়ে যে, উত্তৰ কোৰিয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি হ’লে উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজৰ শত্ৰুতা আৰু ক্ষোভ অধিক বৃদ্ধি কৰিব।